মোক ওভোটাই দিয়া মোৰ গান-হেমেন হাজৰিকা

বিশ্ব বিশ্ৰুত গায়ক , বিশ্বৰত্ন ড° ভূপেন হাজৰিকাৰ এটা কালজয়ী গীতেৰে লেখাটোৰ আঁৰকাপোৰ উঠাইছো ।
     মোৰ গান হওক বহু আস্থা হীনতাৰ বিপৰীতে এক সত্য প্ৰশস্তিৰ ধ্যান , মোৰ গান হওক,,,,গানৰ কি মহিমা , পৃথিৱীত বসবাস কৰা কোনো গান ভাল নোপোৱা মানুহ ওলাব নেকি
    বৰ্তমান যুৱ প্ৰজন্মৰ হাৰ্টথৰ্ব , সঙ্গীতৰ এটা নতুন ধাৰাৰ সূচনা কৰা গীতিকাৰ , গায়ক , অভিনেতা , চিত্ৰপৰিচালক, জুবিন গাৰ্গেও গাইছিল গানে কি আনে সুৰৰ সোপানে সোপানে আৰু ফুল ফুলক ৰ'দৰে ফুল হৃদয় সেউজী ধৰা আদি অলেখ গান ।
     মানুহৰ মনটো তেতিয়া আনন্দৰে পৰিপূৰ্ণ হৈ থাকে তেতিয়া আমি নিজৰ ভাল লগা গানৰ কৰি এটা গুণগুণাই থাকিবলৈ মন যায় । ভাল লাগে তেতিয়া , কোনো এটা কামত বেছি ভালকৈ মনোনিৱেশ কৰিব পাৰি । স্নানাগাৰত থাকোতে কোনোৱে গান গুণগুণাই ভাল পায়, গানৰ এটি মাদকতা আছে 
     কিছুমান স্বাৰ্থপৰ মানুহে নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে আনৰ সুখ কাঢ়ি,আনৰ আনন্দ কাঢ়ি আনিবলৈ কুণ্ঠাবোধ নকৰে । সেয়া তেওঁ বিলাকৰ স্বভাৱ । নিজৰ আনন্দৰ বাবে তেওঁলোকে আনৰ সুখ, হাঁহি আনন্দ কাঢ়ি আনিবলৈ কুণ্ঠাবোধ নকৰে  । তেওঁলোকৰ ঈৰ্ষা হয় বেলেগৰ সুখ দেখি , বেলেগৰ আনন্দ দেখি তাৰ বাবে তেওঁলোকৰ টোপনি নহা হয় ।
    বহুদিনৰ আগতে পঢ়া এটা কাহিনীলৈ মনত পৰিছে । এখন গাঁৱত এজন ধনী সদাগৰে বাস কৰিছিল । সদাগৰ বুলি ক'লে আমি জানো তেখেত এজন ধনী মানুহ । আন সকলে তেখেতক সমীহ কৰি চলে, কাৰণ তেওঁলোক অৰ্থনৈতিক ভাবে সৱল নহয় । কেতিয়াবা কেতিয়াবা সদাগৰৰ ওচৰত হাত পাতিব লাগে । তাৰে সুবিধা গ্ৰহণ কৰে সদাগৰে । সদাগৰ জনৰ এটা অভ্যাস গঢ়ি উঠিছিল দৈনিক এটা কামকে কৰাৰ ।
     পৈত্তিক সূত্ৰে পোৱা সদাগৰ জনৰ কিছুমান সোণৰ মুদ্ৰা আছিল । সেই সোণৰ মুদ্ৰা সমূহ সদায়েই গা ধুই উঠি তেওঁ গণনা কৰে । এক,দুই,পাচ,দহ বিশ, পঞ্চাছ, এশ এনেদৰে । গণনা কৰি উঠি পুনৰ বান্ধি মুদ্ৰাসমূহ নিৰ্দিষ্ট ঠাইত থৈ দিয়ে । এয়া তেওঁৰ নিত্য নৈমিত্যিক কৰা কাম,কৰিবই । সদাগৰ জনৰ ওচৰত দিনে কাম কৰি দিনে খোৱা মানুহ এজনে বাস কৰিছিল । তেওঁ যেনে তেনে পেটে ভাতে খাই আছিল । তেওঁ কাৰোৰে অহিত চিন্তা নকৰিছিল কিন্তু তেওঁৰ এটা গুণ আছিল ।
     সেই সৰু মানুহ জনৰ গুণটো হ'ল ৰাতিপুৱা সময়খিনিত তেওঁ ঘৰতে কাম কৰি থাকোতে তেওঁ ভালপোৱা গানৰ কলি কিছুমান মৃদু স্বৰত গাই থাকে । তেনে কৰি তেওঁ আনন্দ লাভ কৰে । আনপিনে আকৌ সেই সময়খিনিতেই সদাগৰ জনে তেওঁৰ মুদ্ৰা সমূহ হিচাপ কৰি থাকে । সেই হিচাপত গান শুনি তেওঁৰ খেলিমেলি লাগে। সদাগৰ অস্বস্তিত পৰে  । তাৰ বাবে তেওঁ এটা কথা চিন্তা কৰি সেই মানুহজনক তেওঁৰ ঘৰলৈ মাতি পঠালে । মানুহ জন আহিল , অহা মাত্ৰকে সদাগৰে মানুহ জনৰ হাতত দহটা সোণৰ মুদ্ৰা তেওঁক উপহাৰ দিয়া বুলি কৈ তেওঁক তাৰ পৰা যাবলৈ দিলে।
    সেই সৰু মানুহ জনেও উপহাৰ লৈ ঘৰ পালেগৈ । জীৱনত কোনো দিনেই সোণ কি বস্তু দেখি নোপোৱা মানুহ জনে যেতিয়া দহটা কৈ সোণৰ মুদ্ৰা উপহাৰ হিচাপে পালে তাৰ পিছত তেওঁ মুদ্ৰা সমূহ নি কোনেও নেদেখা এডোখৰ ঠাইত লুকুৱাই থৈ আহিলগৈ । ইয়াৰ পিছৰ পৰাই তেওঁৰ চিন্তা বাঢ়িবলৈ ধৰিলে । কামত মন বহুৱাব নোৱাৰা হ'ল ।অশান্তি বাঢ়িবলৈ ধৰিলে । কাম এৰি থৈ ঘনাই ঘনাই সোণৰ মুদ্ৰা কেইটা থোৱা ঠাইডোখৰলৈ গৈ চাই আহিবলৈ ধৰিলে, মুদ্ৰা কেইটা থোৱা ঠাইত আছেনে নাই 
কোনোৱে চুৰ কৰি নিব নেকি এই চিন্তাত তেওঁৰ মুখৰ গান ক'ৰবাত হেৰাই থাকিল । হাঁহি স্ফূৰ্তি নোহোৱা হ'ল । অশান্তিয়ে বেঢ়ি ধৰিলে ।
    ইয়াৰ পিছত তেওঁ আকৌ ভাবিবলৈ ধৰিলে । এনেদৰেই ঘনাই ঘনাই কাম এৰি থৈ বাৰে বাৰে তেওঁ কিয় একে ডোখৰ ঠাইলৈ গৈ আছে তাক লৈ কোনোবাই তেওঁক অনুসৰণ কৰিছে নেকি । কোনোৱে সন্দেহ কৰিছে নেকি। এইবোৰ কথাৰ বাবেই দুঃচিন্তা বাঢ়িবলৈ ধৰিলে তেওঁ আৰু আগৰ মানুহজন হৈ নাথাকিল। তেওঁ ভাবিবলৈ ধৰিলে মোৰ যত অথন্তৰৰ মূল এই সোণৰ মুদ্ৰা কেইটা, এই বোৰেহ মোৰ মুখৰ হাহি, মোৰ আনন্দ, মোৰ গান মোৰ পৰা কাঢ়ি লৈ গ'ল । ইয়াক মোৰ কোনো আৱশ্যক নাই , সেই বুলি ভাবি তেওঁ লুকুৱাই ৰখা ঠাইৰ পৰা সোণৰ মুদ্ৰা কেইটা ল'লে আৰু সদাগৰৰ ওচৰলৈ গৈ কৰে আপুনি দিয়া উপহাৰ মোক নালাগে লওক আৰু মোক মোৰ গান ওভোটাই দিয়ক ।
    গতিকে সেই গান,যি গানে শান্তি দিয়ে, সেই গান যি গানে জীয়াই ৰাখে প্ৰাণ, যি গানত আহে প্ৰাণৰ ব'হাগ সেই গান নোহোৱা হ'ব পাৰে জানো ? টকা-পইচা, ধন-দৌলত , ঐশ্বৰ্য্য বিভূতি একোকেই ইয়াৰ লগত তুলনা কৰিব নোৱাৰি । সদাগৰ জনে নিজৰ মুদ্ৰা হিচাপ কৰা স্বাৰ্থৰ বাবে সেই লোকজনৰ মনৰ আনন্দ হৰণ কৰিব বিচাৰিছিল, কিন্তু নোৱাৰিলে । তেওঁ স্বাৰ্থপৰ দূৰকপলীয়া জনমত খ্যাতি নাপায় । মুদ্ৰা কেইটা ওভোটাই দিয়াৰ পিছত পুনৰ তেওঁৰ মুখত গানৰ গুণগুণনি উঠিল । মোৰ গানৰ হাজাৰ শ্ৰোতা তোমাক নমস্কাৰ, গীতৰ সভাত তুমিয়েইতো প্ৰধান অলংকাৰ । সেই গানে তেওঁলৈ পুনৰ ফিৰাই আনিলে অনাবিল প্ৰশান্তি । গান অমৰ হওক ।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send