আঘোণ এতিয়া লাজকুৰীয়া
ন -সাজ পিন্ধি
নিয়ৰ সিক্ত পথাৰ হ'বলৈ ওলাইছে
ককাইদেউৰ লখিমী বোৱাৰী
আঘোণৰো নিজস্ব ৰং আছে
আছে কাৰোবাক সুখী কৰাৰ প্ৰবল ইচ্ছা
সেয়ে আঘোণৰ আপোন হ'বলৈ
আপুনিও ভাল পাব লাগিব কেঁচা মাটিৰ গোন্ধ
নিয়ৰ সিক্ত আঘোণৰ সোণসেৰীয়া মন
ডাৱৰ মুক্ত নীলিমা যেন ককাইদেউৰ
শেঁতা পৰা ওঁঠত এটুপি হাঁহি
আঘোণৰ গভীৰ নিশা শিয়ালৰ ৰাজসভা
গঁড়ালৰ হাঁহ-কুকুৰাবোৰ
টোপনিত লালকাল
ককাইদেউৰ ওঁঠত আজি নীলিমাৰ জোন
আৰু দেখা পালোঁ
এটি সন্তুষ্টিৰ হাঁহি
পৰম্পৰা বুলি।
মাঘৰ উৰুকা নিশা
সকলোৱে মিলি ভালকৈ এসাঁজ খোৱাৰ মন।