লাহে লাহে ধূসৰ হৈ আহিব লৈছে
প্ৰতিটো ক্ষণ, প্ৰতিটো সময়
উহ! যেন এইয়াই মৃত্যুৰ আগক্ষণ।
জীয়াব লৈছো এনে এক জীৱনক
য'ত সুখবোৰ প্ৰাক্তন আৰু দুখবোৰ!
দুখবোৰৰেই যেন গঠিত এই জীৱন,
কি কৰিম!জীয়াই থকাৰ ইচ্ছা নাই
আৰু আত্মহত্যাৰ বাবে বুকুত সাহসো নাই,
আধা মৰা হৃদয়ৰ নিশাৰ ক্ৰন্দনত
কত ৰাতি এতিয়া উজাগৰেই পাৰ হৈ যায়,
নাই,এতিয়া এই জীৱনৰ খবৰ সুধা মানুহো নাই
আৰু মৰিলেও শৰীৰ দাহ দিয়া মানুহ নাই।।