ধীৰে ধীৰে সোণোৱালী ৰ'দজাক ।
সোণগুটি যেন লগা শস্য-শ্যামলা সেউজী ধাননিডৰা । মুকুতা যেন দুবৰিৰ নিয়ৰৰ টোপাল.. শেৱালিৰ মন জুৰোৱা শৰতৰ কোমল সুবাস ।
ফিৰফিৰীয়া এজাক চেঁচা বতাহ ;
দুপাখি মেলি উৰিব ধৰিছে
কণমানি টুনী চৰাইজাক ।
আহ ! কি যে সুন্দৰ !!
এয়া যেন মাথোঁ উপভোগৰেই সুযোগ !!
বাৰে বাৰে প্ৰকৃতিৰ অপৰূপাত
মুগ্ধ হোৱাৰ সুযোগ ।
প্ৰকৃতিয়ে হাঁহিছে , খিলখিলাইছে
আৰু যে কত কি ??
হেৰাই গৈছোঁ এই মুগ্ধতাত
মই যেন ৰৈ যাম এই লগ্নত
চিৰকাল...চিৰদিন...চিৰজীৱন ।।