জীৱন যুদ্ধৰ প্ৰতিটো ক্ষণক
শব্দৰ মালিতাৰে শাৰী শাৰীকৈ সজাই তোলা
জীৱন গাথাৰ এখন বোৱঁতী নদী
অন্তহীন সমৃদ্ধ পুথি।
বৰফাবৃত হৃদয়ৰ দুখৰ অশ্ৰুজলক
কলমৰ চিয়াঁহীৰ হিমপ্ৰৱাহৰ সোঁতেৰে বোৱাই নি
কেতিয়াবা যদি দিছা জীয়াই থকাৰ আশ্বাস
আন কেতিয়াবা দিছা প্ৰেমৰ বৰষুণ হৈ
যৌৱনৰ মিঠা অনুভূতিৰ প্ৰকৃত সুবাস
সুখ দুখৰ প্ৰতিটো মুহূৰ্তক
তোমাৰ সান্নিধ্যৰে জীপাল কৰি ৰখা
তুমি যে মোৰ আপোন সংগী
জগতৰ প্ৰতিটো বস্তুক
শব্দৰ তুলিকাৰে জীৱনদান দি
সকলোৰে হৃদয়ত স্থান দখল কৰা
বুজাব নোৱাৰা মৰমৰ প্ৰতীক।
✍🏻মোহাইমিনুৰ ৰহমান।
নলবাৰী
ফোন:৮৩৯৯০৮২৭৮৫
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ