আহিছা তুমি মোৰ
হৃদয়ৰ জেৰক্স
নিবলৈ,
কম্পিউটাৰ
দোকানীক কৈছা
জেৰক্স কৰি দিবলৈ ৷
বিশ্বাস কৰা তুমি
ময়ো আছিলোঁ
তাতে ৰৈ
তোমাৰ দুচকুৰ
চাৱনিয়ে
আজি আকৌ
এবাৰ কঁপাইছে
বুকু মোৰ !
হৃদয়ৰ মহা প্ৰাচীৰ
ভাঙি তুলিছে
প্ৰেমৰ ঢৌ
দ্বীপ কুঁৱৰী
তোমাৰ নামৰ
উপগ্ৰহই আছে
মোৰ হৃদয়ৰেই যে
চৌদিশে প্ৰদক্ষিণ কৰি !
হাত বাউলি
তুমি আছা কিয় ,
মোক প্ৰেমৰ ৰকেট
প্ৰক্ষেপণ কৰি ?
মোক ভালপোৱা যদি
কোৱা খোলা-খুলিকৈ ৷
নিমাতী কইনা হৈ নাথাকিবা ৰৈ ৷
তুমি যদি মোৰ হোৱা
এবাৰ কোৱা; মই
মহাযজ্ঞ পাতিম
সৰগৰ বেলকনিত,
কলিজাৰ কোষ ফালি
সভ্যতাৰ মাথাউৰি ভাঙি
দিম বনফুলৰ খোপা বান্ধি,
ৰামধেনুৰ ৰঙেৰে তোমাক সজাই
আনিম, ৰাখিম ৰাজ ৰাণী কৰি ৷
তুমি যদি মোৰ হোৱা এবাৰ কোৱা ৷
সাতোখন জগত লিখি দিম মই তোমাৰ নামত ৷
----ছাইফুদ্দিন আহমেদ ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ