তাই বুজি উঠিছিল
ইমান দিনে টানকৈ সাঁফৰ মৰা বীজটো
কোন পলকত মাটিত পৰি
লহপহকৈ গজি উঠিছিল
তাইৰ আকাংক্ষাৰ আকাশেৰে
কোনোবা এটি অজান চাকি ঘূৰি
পোহৰাই তুলিছে
কোনো দিন নেদেখা
নুবুজা নদীৰ ঘাট
শিলৰ পাহাৰ ভাঙি বৈ অহা
গাখীৰৰ নিজৰাই
প্ৰতি নিশা ধুৱাই থৈ যায় দুভৰি
বুকুত গুজি থৈ যায় এখনি চিঠি
নীলা খামৰ
বুকুত শুই থকা চৰাইজনী সাৰ পাই
যন্ত্ৰণাত চটফটাই
তাই চিঞৰি উঠে
এই বিষৰ উপশম দিয়া
প্ৰিয় সখী চিত্ৰলেখা।
✍🏻বাণীকান্ত লহকৰ