০১ নৱেম্বৰ- ইতিহাসৰ পাতত আজিৰ দিনটো

Rinku Rajowar
0

এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা:

  • ১৮৫৮ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে ভাৰতত ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ সামৰণি। সমগ্ৰ ভাৰতৰ শাসন ইংলেণ্ডৰ ৰাণী হস্তগত। ভাৰত আনুষ্ঠানিক ভাৱে ইংৰাজৰ অধীন হয়।
  • ১৮৮১ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে ভাৰতৰ কলকাতাত প্ৰথমবাৰৰ বাবে ঘোঁৰাই টনা ট্ৰামৰ প্ৰচলন হয়।
  • ১৯৫৬ চনৰ আজিৰ দিনটোতে ত্ৰিপুৰা আৰু দিল্লীক কেন্দ্ৰীয় শাসিত অঞ্চল ৰূপে ঘোষণা। ৰাজ্য পুনৰ্গঠন আয়োগৰ অনুমোদন অনুসৰি নতুন অন্ধ্ৰ প্ৰদেশ গঠিত হয় আৰু হায়দৰাবাদ ইয়াৰ ৰাজধানী হয়।
  • ১৯৬৬ চনৰ আজিৰ দিনটোতে পঞ্জাব দ্বিখণ্ডিত হৈ দুখন স্বতন্ত্ৰ ৰাজ্য পঞ্জাব আৰু হাৰিয়ানা গঠন হয়। উভয়ৰে ৰাজধানী হয় চণ্ডীগড়
  • ১৯৭৩ চনৰ আজিৰ দিনটোতে মহীশূৰ ৰাজ্যৰ নাম সলনি কৰি নতুন নাম কৰ্ণাটক কৰা হয়। লাক্ষাদ্বীপ, মিনিকয় আৰু আমিন ডিভিক একেলগে লাক্ষাদ্বীপ কৰি কেন্দ্ৰীয় শাসিত অঞ্চলৰ মৰ্যাদা প্ৰদান কৰা হয়।
  • ১৯৭৩ চনৰ আজিৰ দিনটোতে মোহময়ী অভিনেত্ৰী ঐশ্বৰ্য ৰায় বচ্চনৰ জন্ম হয়।
  • ১৯৯৮ চনৰ আজিৰ দিনটোতে গুৱাহাটীৰ খানাপাৰাত গেছ টেংকাৰ বিস্ফোৰণত ১১ জন লোকৰ মৃত্যু হয় , বিস্তৰ ক্ষয় ক্ষতি হয়।
  • ২০০০ চনৰ আজিৰ দিনটোতে মধ্য প্ৰদেশৰ প্ৰায় এক তৃতীয়াংশ অঞ্চল সামৰি ছত্তীছগঢ় ৰাজ্য গঠন কৰা হয়।
  • ২০০০ চনৰ আজিৰ দিনটোতে হৰেকৃষ্ণ ডেকাৰ অসম আৰক্ষীৰ সঞ্চালক ৰূপে কাৰ্ভাৰ গ্ৰহণ কৰে।
  • ২০০২ চনৰ আজিৰ দিনটোতে এছ পি ভাৰুচাৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰে। তেওঁ এই পদত ২০০২ চনৰ ৫ মে'ই লৈকে কাৰ্যনিবাহ কৰে।
  • ১৯৫৫ চনৰ আজিৰ দিনটোত কিৰিপ চলিহাৰ জন্ম হয়, তেখেত ভাৰতৰ চতুৰ্দশ লোকসভাৰ এজন সাংসদ আছিল।
  • ১৯৩৮ চনৰ আজিৰ দিনটোত মধুৰাম বড়োৰ জন্ম হয়, তেখেত অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক,সম্পাদক তথা শিক্ষাবিদ। তেওঁ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত ভাষা বিজ্ঞানৰ প্ৰথম স্নাতকোত্তৰ।
  • ১৯১৩ চনৰ আজিৰ দিনটোত আজলীতৰা নেওগ জন্ম হয়, তেখেত এগৰাকী অসমীয়া শিশু সাহিত্যিক আৰু কবি

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)