নিজৰ বুলিনো কি আছে জীৱনত-ধীৰাজ গোস্বামী

©Admin
0
হৃদয়লৈ যোৱা পথটো চিনি পোৱা হ'লে
ময়ো পাৰিলোঁহেঁতেন সলনি কৰিব
মোৰ নিজৰ নামৰ  ঠিকনা
নিজৰ বুলিনো কি আছে জীৱনত
সকলো  দেখোন প্ৰকৃতিৰে দান

ভোকৰ ভাত
পিয়াহৰ পানী
উশাহৰ বায়ু
 বিনামূলীয়া সকলোতে
 সক্ৰিয় হয় আমাৰ স্নায়ু কিম্বা মগজু
কৃত্রিম পাৰফিউমৰ গোন্ধৰ সলনি
মাটিৰ গোন্ধ ভালপোৱা হ'লে
চিনি পালোঁহেঁতেন আপোনাৰ হৃদয়লৈ যোৱা পথ
সলনি কৰিব পাৰিলোঁহেঁতেন নিজৰ ঠিকনা
নিজৰ বুলিনো কি আছে
সকলো দেখোন প্ৰকৃতিৰে দান

নিজৰ বুলিনো কি আছে
আছে মাথোন ...
গৰ্ব ,দম্ভ ,অহংকাৰ
মইমতালি কিম্বা চাতুৰালি
ঋণাত্মক চিন্তা
সাৱটা সাৱটিয়ে বাজে
জীৱনৰ শেষ মৃত্যু ঘন্টা
মিলি যায় মাটিত
ৰৈ যায় স্মৃতিত।

সমাজ,  মানুহ ,ভোকাতুৰ
হৃদয় ,প্ৰেম  আৰু ভালপোৱাক বুজিলে
চিনি পালোঁহেঁতেন 
চিনি পালোঁহেঁতেন আপোনাৰ হৃদয়লৈ যোৱা পথ
সলনি কৰিব পাৰিলোঁহেঁতেন নিজৰ ঠিকনা
নিজৰ বুলিনো কি আছে
সকলো দেখোন প্ৰকৃতিৰে দান

বাৰ্থডেক জন্মদিন বুলি
কালাৰিং পেকেটৰ গিফটৰ সলনি
গছপুলি বিচাৰিলে
কেকৰ মাজৰ মম-বাতি  নুমোৱাৰ সলনি
তেলৰ চাকি জ্বলাব বিচাৰিলে
অভিজাত্যৰ দামৰ সলনি
মানুহৰ জ্ঞান  চিনিব পাৰিলে
চম চমীয়া টকাৰ শব্দৰ সলনি
 হাঁহিৰ খিলখিলনি ভালপাব পাৰিলে
 ময়ো বিচাৰি পালোঁহেঁতেন
  আপোনাৰ হৃদয়লৈ যোৱা 
  সেই মসৃন পথ
  সলনি কৰিব পাৰিলোঁহেঁতেন নিজৰ নামৰ ঠিকনা
  নিজৰ বুলিনো কি আছে
  সকলো দেখোন প্ৰকৃতিৰে দান 

✍️ধীৰাজ গোস্বামী

                    _____________

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)