সেই নদীৰ কথা কোনেও নকয় ।
লাগিলে নদন-বদন হওক , শস্য-শ্যামলী হওক
গঢ়ি উঠক হাট-বজাৰ নগৰ-চহৰ
এই নদীৰ পাৰত ।
নদীয়ে যেতিয়া ৰূপ সলাই তাণ্ডব নৃত্য কৰে
সংহাৰী ৰূপ লৈ সকলো আৱৰি ধৰে।
সেই নদী চৰ্চাৰ বিষয় হৈ পৰে চকুৰ টোপনি পেটৰ ভাত হৰে ,
নদীৰ দৰে কবিয়ে অকল নীৰৱে কবিতা লিখি গৈ থাকিলে
দুই চাৰিটা বাহঃ বাহঃৰে আত্ম সমৰ্পণৰ বিকল্প নাই ।
কবিৰ কলমত ভৰাই ল'ব লাগিব নিজস্ব উদ্দীপ্ত বিস্ফোৰক স্ফুলিঙ্গ
স্থিতিৰে কঁপাই হেন্দোলিত কৰিব লাগিব কাব্যিক সত্তাৰ উচ্চ শিখৰৰ
প্ৰতি জোপা আঁহত ।
সূৰ্যৰ দৰে প্ৰখৰ ৰশ্মিৰে আৰম্ভ কৰিব পাৰিব লাগিব গ্লোবেল ৱাৰ্মিং ।
একাষৰীয়া হৈ থিয় হোৱা মৌ জাকৰ পৰা
মই মৌ জাকৰ মহাৰাণী
মই য'তেই গৈ খামুচি ধৰিম
ত'তেই নিমিষতে জমা হ'ব মৌ-মাখি ।
✍️বাণীকান্ত লহকৰ