ভয় লাগে-হিমাক্ষী দেৱী

©Admin
0
ভয় লাগে নিশাবোৰ আহিলে
এক গহীন নিৰ্জনতাই যেতিয়া মোক আগুৰি ধৰে,
অস্থিৰ মনটোৱে তেতিয়া হাহাকাৰ কৰি উঠে
তোমাক বিচাৰি!

ভয় লাগে তেতিয়া 
যেতিয়া পুৰণি স্মৃতিবোৰে মোক খুন্দিয়াই
তোমাৰ ওচৰলে'!

যেতিয়া তুমি আহি মোৰ দুচকুত ৰোৱা
ভয় লাগে জানা,
সামৰিব খুজিও যে সামৰিব নোৱাৰো তোমাক!
বাৰে বাৰে হেৰাই যোৱা
দুচকু তিয়াই,
কি জানো ৰস পোৱা তুমি
মোক কন্দোৱাই!

ভাললগাবোৰ এতিয়া অতীত
মোৰ জীৱনৰ উকা পৃষ্ঠাবোৰ,
কেতিয়াবা চোন ৰঙীন হৈ পৰে
তোমাৰ সোঁৱৰণিত!

নিশাবোৰ আজিকালি চোন
আৰু গভীৰ হৈ পৰিছে,
ভয় লাগিব ধৰিছে জানা
কিয় জানো এন্ধাৰবোৰে মোক বেৰি ধৰিছে!

ময়ো যেন বিলিন হৈ ৰ'ম এদিন
এন্ধাৰতে হেৰাই যাম,
এই নিশাবোৰেই হ'ব মোৰ
অন্তিম উশাহৰ সাক্ষী!!

  ✍হিমাক্ষী দেৱী
       (নলবাৰী)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)