বছৰটো দেখোন যাবলৈ হ'ল

©Admin
2
অকাট্য এই কথাটো যে
“যুগৰ পৰিৱৰ্তন নহয়”
চাওঁতে চাওঁতে এটা বছৰ
পলকতে যাবলৈ হয়।।

কিমান গতিশীল এই সময়
গতিশীল মানৱী জীৱন,
বছৰৰ স্মৃতিক সজীৱ কৰে
সুহৃদ সময়ৰ মন।।

স্মৃতিৰ সফুঁৰা লৈ যেতিয়া
আদৰিম নৱবৰ্ষক,
লভিম আনন্দ সময়ৰ সৈতে
বৈ যাম বয়সৰ সোঁতত।।

বাগৰি গৈছে সময়
যেন নদীৰ সোঁত,
বৈ যায় স্বাছন্দ্য গতিত।
নতুন বৰ্ষ আহিল
অনেক অনুভৱ লৈ,
দি যাব স্মৃতি সাৱলীল।।

এই বছৰটো দেখোন যাবলৈ হ'ল
অন্ত্য সময় নিকটৱৰ্তী,
আকৌ আহিব নতুন বছৰ
স্মৃতিৰ দলিছাখনি পাৰি।

Post a Comment

2Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment