বাপধন-দিপাংকৰ শৰ্মা ভৰালী

Rinku Rajowar
0
"এইবাৰ আৰু মই ঘূৰি
 যোৱাত নাই দেই মা। যি কৰিবলগীয়া আছে ইয়াতেই কৰিম,ইয়াতেই খাম। তোৰ কাষতেই থাকিম।" 


এইষাৰ কথা বাপধনেই ক'লে নে ? আনদিনাৰ দৰে কথাৰ মূৰতে উত্তৰটো নিদি মালতী দৰক লাগিল বহা ঠাইতে। যিটো ল'ৰাক স্বৰ্গগামী হোৱা দেউতাকে সিফলিয়া হোৱা দিনালৈকে এই কথাষাৰ বুজাই সৈমান কৰিব পৰা নাছিল সেইটি ল'ৰাৰ মুখত এনে এষাৰ কথা শুনি মালতী দৰক লগাটোৱেই স্বাভাৱিক। এটিয়ে ল'ৰা তেওঁলোকৰ ।আগে পাছেও কেও কিছু নাই সেয়ে চকুৰ সমুখত ৰাখিবলৈনো কাৰ মন নাযায়। পিছে বাপধনৰ কথাবোৰ সুকীয়া আছিল। দস্তুৰমত বি.এ ডিগ্রীধাৰী সি,আছে কম্পিউটাৰৰ সুকীয়াকৈ শিক্ষাও।অনেক চৰকাৰী চাকৰিৰ বাবে আবেদনো কৰিছে সি। সময়ত সেইবোৰৰ ইণ্টাৰভিউ হৈ যায়গৈ পিছে বাপধনৰ কপাল নুফুলেহে নুফুলে। 

চৰকাৰী চাকৰিৰ অংকবোৰ হেনো আগেয়েই কৰা হয়। প্ৰদৰ্শনীমূলক ইণ্টাৰভিউয়ে তাৰ দৰে মানুহক কেৱল নিচুকাইহে । কথাবোৰ সিও নুবুজা নহয়, মোটা অংকৰ দৰমহাটো চুবলৈ হ'লে কি কি যতন কৰিব লাগিব সি নজনা নহয়।পিছে জানি বুজি লাভ কি? খেতি খোৱা মাটিকণ বেচি সি এইকণ আশা পুৰাবও নোখোজে। সি  অপেক্ষা কৰে পুনৰ ভাল সময়লৈ...কোনোবাতো ওলাব যিয়ে মোটা অংকৰ বিপৰীতে দক্ষতাক গুৰুত্ব দিব! 

ভাল সময়ৰ অপেক্ষাত থাকোঁতেই বাপধনৰ দেউতাকো এদিন শয্যাশায়ী হ'লগৈ। এসময়ৰ তজবজিয়া মানুহজন সপ্তাহজোৰা জ্বৰ-কাহতে তেনেই নিশকতিয়া হৈ পৰিল। খেতি খোলা কৰি পেট পুৰুৱা মানুহ সিহঁত,আকালো নাই ভঁৰালো নাই। ইফালে ডাক্তৰী চিকিৎসাৰ ব্যয় বহুল খৰচ । বাপধনে চাই কোনফালে এতিয়া। অসুখীয়া দেউতাকৰ ওচৰত বহি হুমুনিয়াহ কঢ়া মাকক কোন সতেনো কয়গৈ সি খেতি মাটি কেইডৰাকে বিক্ৰী কৰোঁ বুলি! 

মালতীয়ে নুবুজা নহয় বাপধনৰ বেথা। পাৰিলে জানো সি দেউতাকক এইদৰে চাই থাকে। সেয়ে কথাৰ পাতনি নিজেই মেলে। মাতৃ - পুত্ৰৰ আলোচনা মৰ্মে সিদ্ধান্ত হয় আধা অংশ খেতি মাটি বিক্ৰী কৰি দেউতাকক লৈ যাব সিহঁতে গুৱাহাটীলৈ চিকিৎসাৰ বাবে। 

কথামতেই গ্ৰাহক ওলাল,উচিত মূল্যও পৰিশোধ কৰিলে। সেইদিনাই সন্ধ্যা বেলালৈ বাপধন ওলাল দেউতাকৰ সৈতে গুৱাহাটীলৈ। মাক মালতীয়ে বেজাৰ লুকুৱাই বিদায় দিছিল দুয়োকে। বাপধনক বাৰে বাৰে কৈ পঠাইছিল তেওঁ যি কেইদিন লাগে থাকিবি একেবাৰে মানুহজনক সুস্থ কৰিহে উভতিবি। বাপধনে সেমেকা হাঁহিৰে বিদায় লৈছিল সেইদিনা, আচৰিত ধৰণে হাঁহি ফুৰ্তি কৰি ওলাইছিল দেউতাকো।তেওঁ যেন ৰোগীয়া নহয়েই ঠিক এই দৰেই।

মালতীয়েও অপেক্ষা কৰিছিল ভাল সময়লৈ। মানুহজন সুস্থ হৈ ঘূৰি আহিব,সদায় তেওঁ কোৱাৰ দৰেই এইবাৰ খেতিটোত বাপধনেও নাঙলৰ মুঠিত ধৰিবহি। 

পিছে বিধিৰ বিপাক বুজে কোনে! গুৱাহাটী গৈ পাওঁতে হেনো বহুখিনি পলম হ'ল। ডাক্তৰৰ ভাষাত সেয়াই মানুহজনৰ লাষ্ট ষ্টেজ। 
বাপধনৰ মূৰত যেন সৰগ খহিহে পৰিল, দেউতাকৰ আশাশুধীয়া মুখখন আৰু দুদিন জীয়াই থকাৰ হেঁপাহ,মাকৰ অধীৰ অপেক্ষা।উস ...এনেকৈনো ঠগিব লাগেনে সময়ে তাক? 
কাষৰ বিছনাত দুভাগ নিশা কেকাই উঠা দেউতাকে হয়তো বুজিছিল কথাবোৰ।সেয়ে নেকি তাক কাষলৈ মাতি অন্যদিনাতকৈ অধিক মোলায়েম হৈ বুজাইছিল তেওঁ তাক...

" বোপাই অ' সৰুৰে পৰা যিটোকে শিকালো তাকে শিকিলি। পঢ়া শুনাই হওক লাগে সংস্কাৰেই হওক। তোক নেদেখুৱালেও মই আৰু মাৰে তোক লৈ যিমান গৰ্ব কৰো সেয়া সকলো পিতৃ মাতৃৰ সৌভাগ্য নহয় বুইছ। তই আমাৰ দুয়োৰে অহংকাৰ। 

মানুহজন  ফোঁপাই উঠে কথাষাৰ কৈ,বাপধনে চেনেহৰ ধমক দি উঠে..

" এই নিশাখন তোমাৰনো এইবোৰ কথা কবলৈ কিহে পাইছে।শুই থাকা গাটো বেয়া লাগিব নহ'লে"

মৃদু হাঁহি মাৰি তাৰ চুটি চুটি চুলিখিনিত খামুচ মাৰি ধৰে তেওঁ।

" মাৰক চাবি অ' বোপাই...। চাকৰি বাকৰিৰ চিন্তা বাদ দে আৰু।চন পৰা মাটি খিনিতে শালি খেতি, বাম খেতি যি পাৰ কৰ। কষ্ট কৰ,চাবি সময়ত এই খেতিয়েই তোক  বজাৰখনো দিব। চৰকাৰৰ হাতলে মুখলৈ চাই থকাতকৈ ডিগ্ৰীতোক নিজৰমতেই সজাই লচোন। চাবি তোক দেখি অন্য দহতাও আগুৱাই আহিব।নিজে নিজৰ ভৰিত থিয় দি যদি এইদৰেই থলুৱা বজাৰখন দখল কৰিব পাৰ তেন্তে আৰু চিন্তা কিহৰ? নিজৰ মালিক নিজেই হ'বলৈ শিকচোন অ' বোপাই।"

মানুহজনৰ কণ্ঠস্বৰ ক্ৰমশঃ ক্ষীণ হৈ আহিছিল।খুব বেছি ভাগৰুৱাৰ দৰে তেওঁ বাপধনৰ কোলাতেই শুই পৰিছিল কথাষাৰ শেষ কৰি। আৰু সেই যে শুইছিল তেওঁ আৰু নুঠিল কাহানিও। শোকস্তব্ধ বাপধনে অচিনাকি ঠাইখনৰ অকলেই মেডিকেলৰ  লাগতিয়াল কৰ্মৰাজি কৰি লৈ আহিছিল দেউতাকক ঘৰ অভিমুখে।

এই গোটেইখিনি সময়ত যেন তাৰ এসোঁতা কান্দিবলৈও আহৰি নাছিল। ঘৰৰ পদূলিত ভাড়া গাড়ীখনৰ পৰা দেউতাকৰ নিথৰ শৰীৰটো ডাংকোলাকৈ আনি বাৰাণ্ডাত বহি মাকক চিঞৰিছিল মাথোঁ সি... মা অ' ..দেউতাক চাই ল'হি আহ।

হাঁহি ফুৰ্তি কৰি ওলাই যোৱা মানুহজনক এইদৰে চোৱাৰ ইচ্ছা নাছিল মালতীৰ ...বাপধনক সাবটি ধৰি কেৱল থৰ হৈ পৰিছিল তেৱোঁ।

শোকৰ মাজেৰেই মানুহজনৰ প্ৰেত কৰ্ম আদি সমাপন কৰি উঠিছিলহে তেনেতেই বাপধনে আব্দাৰ কৰিলে মাকৰ ওচৰত সি হেনো বিদেশলৈ যাব। মালতীৰ মূৰত যেন সৰগহে ভাগিছিল ! মানুহজন ঢুকোৱা মাহদিয়েক নৌহওঁতেই তাৰ এনে উদ্ভণ্ডালি। কি ক'ব তেওঁ পুতেকক। বহুবাৰ বুজালে,কান্দিলে তথাপিও বাপধন দেখোন নাচোৰ বান্দা। 

অকলশৰীয়া মালতীয়ে বুকুত এছটা শিল বান্ধিলে সেইদিনা, একমাত্ৰ পুতেকৰ ভাল হওক এই ভাবিয়েই বিদায় দিলে তেওঁ তাক সুদূৰ হাইদৰাবাদলৈ।

আজি কত বছৰ হ'ল, বাপধন বছৰেকত এবাৰ আহি যায়হি ঘৰলৈ। এমাহমান থাকি বাৰীতে দুই এটা পাচলি লগাই,ফল ধৰিবলৈ নৌপাওঁতেই তাৰ যোৱাৰ সময় হয়েই। মালতীয়ে অনুনয় কৰে আশাশুধীয়া চাৱনীৰে চাই তালৈ কিজানি সি ৰৈয়েই যায়! পিছে বাপধন নৰয়। পুনৰ আৰম্ভ হয় মালতীৰ একাকীত্ব। 
মাজে সময়ে দুখ কৰে তেওঁ আজিকালি,বৰকৈ পঢ়া-শুনা কৰিলে ল'ৰা ছোৱালীবোৰে কথা নমনা হয় বুলি। অৱশ্যে বাপধনে মাকৰ প্ৰয়োজনখিনি পুৰাই,তথাপিও জানো সেইখিনি প্ৰয়োজনেই যথেষ্ট হয়গৈ? তেওঁৰ অকলশৰীয়া মনটোৰ কথা সিটো এবাৰো নাভাবে।

" অ' মা একো নকলি যে ? থাকিলে বেয়া পাৱ হ'বলা?" 

" এইটো ধেমালিখন নকৰ যা।

উচপখাই উঠাৰ দৰেই উত্তৰ দিয়ে তেওঁ পুতেকক।কি ঠিক ,সি জানোচা তেওঁৰ মন ভোলাবলৈকে কৈছে কথাষাৰ!
বাপধনে সজোৰে সাবটি ধৰে তেওঁক তেনেতেই,তেওঁৰ কান্ধত মূৰটো থৈ কয় সি...

" মই যি উদ্দেশ্য লৈ বাহিৰলৈ গৈছিলোঁ সেয়া সম্পূৰ্ণ হ'ল মা। মোক টকা লাগিছিল..বহুত টকা। বেছি দিয়া মাটিকন আকৌ নিজৰ কৰি ল'বলৈ, ঘৰখন সাজিবলৈ আৰু কিছু মূলধনেৰে সেই মাটিতেই খেতি-বাটি আৰম্ভ কৰিবলৈ। যাতে দেউতাৰ ইচ্ছাবোৰ পুৰাব পাৰো এদিন। তোৰ দুখ মই বুজোঁ কিন্তু মই যদি নগলোহেঁতেন তেনে মোক প্ৰয়োজন হোৱা মূলধনখিনি কোনে দিলেহেঁতেন ?  তোক এৰি আঁতৰত থাকি মোৰো ভাল নালাগে,চিন্তা হয় তই বা কেনেকৈ আছ! কিন্তু মই বাধ্য হৈ পৰিছিলোঁ জাননে। 
এতিয়া আৰু সেইবোৰ শেষ। একেবাৰে তাৰ কামটো নকৰো বুলি লেখা দি থৈ আহিছোঁ,তেওঁলোকেও মানি লৈছে। এতিয়া তোৰ পুতেৰে খেতি কৰিব ..এই মাটিতে।অনবৰতে তোৰ লগতেই থাকিব বুজিলি।দেউতাই কোৱাৰ দৰে এদিন চাবি ইয়াৰ থলুৱা বজাৰখন আমাৰ হ'বগৈ। 

সৰসৰাই বৈ অহা চকুপানী খিনি মচিবলৈ চেষ্টা নকৰিলে মালতীয়ে।সেয়া যে আনন্দৰ চকুলো...অধীৰ অপেক্ষাৰ অন্ততঃ সুখৰ অনামী ঢৌ এয়া।।

মালতীৰ ভুল ভাগিছিল। বাপধনে তাৰ শিক্ষা দীক্ষাক অথলে যাবলৈ দিয়া নাই। হাজাৰ চেষ্টা কৰিও চৰকাৰী চাকৰি এটা গোটাব নোৱাৰি সি হতাশ হোৱাও নাই।বৰঞ্চ দেউতাকৰ সংস্কাৰেৰে সি ন-কৈ জীৱনটোক চাবলৈহে শিকিলে। আৰু কি লাগে মালতীক...? তেওঁ সুখী ...বাপধনক বুকুত লৈ,তাৰ চকুৰেই জীৱনৰ বাকী থকা দিনকেইটা সজাবৰ জোখাৰে তেওঁ সুখী আজি।।

আৰু বাপধন! মাকক এহাতেৰে সাবটি ধৰি আকাশলৈ ৰ' লাগি চাইছে সি। যেন এপললৈ সুঁৱৰিলে দেউতাকক ...চোৱা দেউতা তোমাৰ কথা ৰাখিবলৈ ..নিজৰ ভৰিত নিজেই থিয় হ'বলৈ মই সমৰ্থ আজি ...।।

  ✍🏻দিপাংকৰ শৰ্মা ভৰালী।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)