বিবেক আৰু আবেগ (প্ৰথম খণ্ড)-নয়নমনি বৰা

©Admin
0
বিবেক আৰু আবেগ দুয়ো নলে গলে লগা বন্ধু ,যেন একেটা মুদ্ৰাৰ দুটা পিঠি । সিহঁত দুয়ো প্ৰায়ে আবেলি কদমতলি গাঁৱৰ পশ্চিম দিশে বৈ যোৱা জুৰিটিৰ কাষৰ আঁহত গছজোপাৰ ওচৰৰ পুলটোত বহি সাহিত্য- সংস্কৃতি আৰু অন্যান্য কথা বাৰ্তা পাতিবলৈ ওলাই যায় । ঠাই ডোখৰ বৰ নিৰিবিলি তাতে আকৌ জুৰিটিৰ কুলুকুলু শব্দৰ ধ্বনিত সিহঁতে বিচাৰি পায় কবিতাৰ ৰসাল শব্দ---। 
            এদিনাখনৰ কথা ।দুয়ো সেই জুৰিটিৰ কাষলৈ ওলাই গ'ল , তাতে গৰম দিন আবেলিৰ শীতল বতাহ চাতিয়ে গা শাঁত পেলাই । জুৰিটিৰ পাৰৰ পুলটোত বহি প্ৰকৃতিৰ বিনন্দীয়া ৰূপত কবিতাৰ ছন্দত লহৰ তোলা শব্দই যেন সিহঁতৰ আলিঙ্গন বিচাৰি ফুৰে--- । তাতে বিবেকে ভাল কবিতা লিখে , সেয়ে আবেগে ক'লে ঐ ধুনীয়া কবিতা এটা মাতি শুনা না -- । এহ নহব দেই মই যিকোনো সময়তে যিকোনো কাম কৰিব  নোৱাৰো বিবেকে ক'লে । এলেহুৱাটো কৰবাৰ -- তই যি ক ভাই মোৰ দ্বাৰা নহয় । তোৰ এইবোৰ কথাতে মোৰ বৰ খং উঠে লগৰ বন্ধু ওচৰতো ইমান  ফৰমেলিটি হ'ব যা  , কম মহানটো দেখিছোঁ নহয়-- কি কি দেখিছ বেছি নকৰিবি বিবেকে ক'লে , এইদৰে দুয়োৰে মাজত খৰিয়াল লাগিল । ইটোৱে কয় মোৰ ক্ষমতা বেচি সিটোৱে কয় মোৰহে বেচি---- কি বেচি কচোন--,  

               আগলৈ---'

 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)