অলপ বেলেগ মানুহজন

©Admin
1
কৃত্ৰিমতাই চুব নোৱাৰা মানুহজন ।

কৃত্ৰিমতাই চুব নোৱাৰা মানুহজন । 
আধুনিকতাই ভুলাব নোৱাৰা মানুহজন ।

আধুনিক জাক্‌-জমকতাৰ মাজত নিজক বিলীন কৰি নিজৰ শিপাডাল পাহৰি নোযোৱা মানুহজন , 
নিজৰ সমষ্ট থাকিও সাধাৰণ মানুহৰ দৰে থাকে ।

এতিয়াও তেওঁৰ সাৰথি ৰেডিঅ' আৰু চাইকেলখন ।

গাঁৱৰ সুবাসে মতলীয়া কৰে তেওঁক ।

গাঁৱৰ বোকা-পানী খচকি কাম কৰি , ৰং কৰি ভাল পায় তেওঁ ।

কোমল-চাউল ,দৈ ,চিৰা ,পিঠা খাই আনন্দ পায় তেওঁ ।

চহৰৰ শব্দবোৰৰ মাজত থাকি বৰ কষ্ট পায় তেওঁ ।

টি.ভি. ,মোবাইল ,ইন্টাৰনেট ইত্যাদিৰ লগত কেতিয়াও মিতিৰালি নাই তেওঁৰ ।

সামৰ্থ থকাৰ পাছটো নিজৰ মাজত সকলো জাক্‌-জমকতা ত্যাগ কৰা মানুহজন ।
 সকলোতকৈ বেলেগ তেওঁ


শ্ৰী উৎপল দাস 
কুৰুৱাবাহী , বোকাখাত

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

  1. আপোনাৰ কবিতা বোৰ পঢ়ি বহুত ভাল লাগিল।কবিতা বোৰে মনটোক চুই যায়।

    ReplyDelete
Post a Comment