কিন্তু যি পথেৰে মই যাবলৈ লৈছিলোঁ ,
সেই পথত তুমি অহা যোৱা কৰাৰ চিন আছিল
আৰু সেই চিনে মোক তোমাৰ কাষলৈ
মই নজনাকৈয়ে মোক লৈ গৈছিল।
তাত জোনাকো নাছিল ।
আছিল মাথোঁ বেদনাত বিধস্ত তোমাৰ কামনা বিহীন সিক্ত নয়ন আৰু
আনৰ অধীনস্থ হৃদয়খন ।
সকলো প্ৰত্যাহ্বানৰ যুঁজাৰুজন যেন
হেৰাই গৈছিল নিৰ্লিপ্ত প্ৰেমৰ যুঁজত।
একপক্ষীয় প্ৰেমৰ বৰষুণৰ বানত বিধস্ত তোমাৰ হৃদয়ত যে সোমোৱাৰ অনুমতিয়েই নাছিল ।
সিক্ত নয়নত তেতিয়াও আছিল ,
সমুখৰ জনৰ প্ৰতি অৱহেলাৰ মিঠা হাঁহি আৰু মুখত আছিল সেই দুটি কথা, "প্ৰেমত কোনোবাই ঘৃণা কৰিলেও ,সেই ঘৃণা সাবটিও জীৱন জীয়াব পাৰি "।
মই উভতিছিলোঁ ,
যোৱাৰ দৰে,সেই যোৱা বাটে
ঘৃণাৰ উপহাৰ সাবটি,
আজীৱন জীৱন জীয়াৰ মানসেৰে।
✍️লক্ষিমী বৰা শইকীয়া।
গড়মূৰ
মাজুলী।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ