সম্পাদকীয়- ২০২১ ডিচেম্বৰ মাহৰ সংখ্যা

Rinku Rajowar
1
      "ৰাতি হ'লে
       সূৰ্য হেনো 
       নামি আহে
       এই নদীয়েদি"
                         ---নীলমণি ফুকন

লঠঙা গছবোৰত শীতে বাহ বন্ধাৰ সময়তেই অসমত ৰূপালী জোনাকে ফুল বাচিলে। অসমৰ এগৰাকী বিশিষ্ট কবি মাননীয় নীলমণি ফুকন ডাঙৰীয়ালৈ জীৱনজোৰা সাধনাৰ বাবে জ্ঞানপীঠ বঁটা আগবঢ়োৱা হ'ল। তথাকথিত প্ৰচাৰৰ পৰা সদায়েই আঁতৰি থাকি ভালপোৱা নীলমণি  ফুকনদেৱে তেখেতৰ অনুপম সৃষ্টিৰাজিৰ বাবে এক ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিলে। ইতিপূৰ্বে ১৯৮১ চনত তেওঁ 'কবিতা' গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা অৰ্জন কৰিছিল। নিজস্ব শৈলীৰে কবিতা ৰচনা কৰি নীলমণি ফুকনে অসমীয়া সাহিত্যত এক নতুন ধাৰাৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। তেওঁৰ কবিতা ইতিমধ্যে ইংৰাজী, বাংলা, জাৰ্মান, উড়িয়া, গুজৰাটী আদি ভাষালৈও অনুদিত হৈছে। ১৯৮২ চনত যুগোশ্লোভিয়াৰ ষ্ট্ৰগাত অনুষ্ঠিত আৰ্ন্তজাতিক কবি সন্মিলনীৰ তেওঁ আছিল একমাত্ৰ ভাৰতীয় প্ৰতিনিধি। উল্লেখযোগ্য যে পূৰ্বৱৰ্তী জ্ঞানপীঠ বিজয়িনী মামণি ৰয়ছম গোস্বামীয়ে একৈছ বছৰ পূৰ্বে অসমলৈ পৰৱৰ্তী জ্ঞানপীঠ বঁটা কবিতাৰ বাবে আহিব বুলি কৰা ভৱিষ্যত বাণী সত্য প্ৰমাণিত হোৱাত অসমবাসীৰ উছাহে পাৰ নধৰা হৈছে। যি কি নহওঁক, অসমীয়া ভাষাৰ সংকটৰ কথা সৰ্বত্ৰে চৰ্চিত হৈ থকাৰ সময়ত নীলমণি ফুকনদেৱে লাভ কৰা ৰাষ্ট্ৰীয় স্বীকৃতি অসম তথা অসমীয়া ভাষা-সংস্কৃতিৰ বাবে নিশ্চয়কৈ এক সুখবৰ।

         অনাবিল সুখৰ মাজতো দুখে অসমবাসীক হেঁচুকি আছে। কিছুদিন পূৰ্বে যোৰহাট নগৰৰ মাজমজিয়াত সংঘটিত হৈ যোৱা লোহমৰ্ষক হত্যাকাণ্ডৰ কথাই আজিও সকলোৰে মন ভাৰাক্ৰান্ত কৰি ৰাখিছে। বিগত কেইমাহমানৰ পৰা  বৃদ্ধি হোৱা এনে গণহিংসাৰ ঘটনাই মানুহৰ অসহিষ্ণুতাকেই সূচায়। সমাজত দিনকদিনে যেন কু-প্ৰবৃত্তিবিলাকৰ সমাদৰ বাঢ়ি গৈছে। অনিমেষ ভূঞা, অভি-নীল, নন্দিতা শইকীয়া এওঁলোক মানুহৰ হিংসাত্মক চৰিত্ৰৰ একো একোজন দুৰ্ভগীয়া ভুক্তভোগী।

          যি কি নহওঁক, সমস্যা আছে যেতিয়া সমাধানো থাকিব। মাথো সমাধান বিচাৰিবলৈ সুস্থ বিবেচনা লাগিব। নতুন বছৰে ধৰাত খোজ দিয়াৰ সময়ত সকলো অসূয়া-অপ্ৰীতি দূৰ হওঁক; মানৱতাৰ সূৰ্য নামি আহঁক নদীয়েদি; তাৰ উদিত পোহৰত সকলোৰে মনবোৰ নৱ-আলোকেৰে উদীপ্ত হওঁক।

                       

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

  1. সম্পাদকীয়টো পঢ়ি খুবেই ভাল লাগিল। পথাৰত নৰাছিগা জলপান,ন-খোৱা আদিক চুই যোৱা হ'লে সোণত সুৱগা চৰিল হেঁতেন।
    ধন্যবাদ।

    ReplyDelete
Post a Comment