এখন গ্ৰন্থৰ আৰঁৰ কাহিনী-চুমিন্দ্ৰ চৌধুৰী

©Admin
0
২০২০ চনৰ চেপ্তেম্বৰ মাহৰ ১১ চেপ্তেম্বৰ দিনাখন মোৰ কন্যা শ্ৰেয়াংশীয়ে এখন ছবি আঁকি মোক কিবা লিখিব দিলে। ছবিখন আছিল এটা নিৰীহ এন্দুৰৰ পোৱালি । এন্দুৰ পোৱালিটোৰ কৰুণ মুখখন চাই নিমিষতেই লিখি পেলাইছিলো দয়া নামৰ এটি অনুগল্প । গল্পটো ফেচবুক ৰ লগতে কেবাটাও হোৱাটচেপ গোটলৈ পঠাই দিলো।  গল্পটোৰ বাবে বিভিন্ন পাঠকৰ সঁহাৰি পাই  প্ৰায় বিশ বছৰ কাল লেখা মেলাৰ পৰা আঁতৰি অহা মনটো পুনৰ জীপাল হৈ পৰিল । তাৰ পাছত জীয়ৰীয়ে আৰু এখন ছবি আঁকি মোক তাগিদা দিলে গল্প লিখিবলৈ । দুজন বন্ধুৰ ছবিখনৰ ওপৰত ভিত্তি কৰি লিখি পেলালো মোৰ দ্বিতীয়টো অনুগল্প 'প্ৰতিদান' লিখিলো । আগৰদৰে সেই বাৰো পাঠকৰ পৰা উস্ম  সঁহাৰি পাই উৎসাহিত হৈ পৰিলো।  
মই এজন যান্ত্ৰিক অভিযন্তা ৷ মানুহৰ মগজুৰ ঔৰসজাত সন্তান যন্ত্ৰবোৰে জীৱনৰ জটিল সমস্যাবোৰ সৰলভাৱে সমাধান কৰে ৷  বেদনাত জৰ্জ্জৰিত হৈ  অবুজ ভাষাৰে গুজৰি গোমৰি থকা অসুস্থ যন্ত্ৰবোৰক মই পৰিচৰ্য্যা কৰি সুস্থ কৰি তোলো ৷ কেতিয়াবা আকৌ পৰিত্যক্ত অৱস্থাত পৰি থকা  নিমাত নিষ্প্ৰভ মৃত যন্ত্ৰবোৰক মই জীয়াই তোলো ৷ জীৱন্ত হৈ উঠা এই যন্ত্ৰবোৰৰ কোলাহলে মোৰ মনত সন্তোষৰ লহৰ তোলে  ৷ পাছে সুস্থতা লাভ কৰি যন্ত্ৰবোৰে আমাৰ দৰে আনন্দত উত্ৰাৱল  হৈ পৰিব নোৱাৰে ৷
মোৰ দৃষ্টিত সাহিত্যৰে সৃষ্টি হোৱা গল্প, কবিতা, উপন্যাস আৰু প্ৰবন্ধ আদিও একো একোটা যন্ত্ৰ সদৃশ ৷ কাগজৰ বুকুত জন্ম পোৱা মানুহৰ মগজুৰ ঔৰসজাত সন্তান সাহিত্য নিমাত নিষ্প্ৰভ ৷ সাহিত্যই  মানুহৰ মন প্ৰাণ প্ৰাচুৰ্য্য কৰি তুলিব পাৰে ।  সাহিত্য সাধনাৰ  ফলত সৃষ্টি হোৱা গল্প, কবিতা, প্ৰবন্ধ আৰু উপন্যাসে  মানুহৰ  হৃদয়ত জ্ঞান, সন্তোষ, সাহস, হতাশ, দুখ, কষ্ট,   প্ৰেম, বিদ্বেষ, আৰু হিংসাৰ দাবানলৰ ঢল নমাই আনিব পাৰে ৷ সাহিত্যৰ জৰিয়তে মানুহৰ বিভ্ৰান্ত হৈ পৰা মনটোক মেৰামতিও কৰিব পৰা যায় । গতিকে সাহিত্যক মানুহৰ মন সলনি অথবা মেৰামতি কৰিব পৰা এটা অভিযান্ত্ৰিক বিষয়  মানি লৈ সাহিত্যিক সকলক সাহিত্য অভিযন্তা ( Literature Engineer )  বুলি কোৱাৰ থল নথকা নহয় ।
'সম’ আৰু ‘হিত’ – এই দুয়োটা শব্দৰ পৰাই সাহিত্য শব্দটোৰ সৃষ্টি হৈছে। গতিকে এজন প্ৰকৃত সাহিত্য অভিযন্তাৰ ( literature Engineer) দায়িত্ব হ'ল সমাজৰ হিতৰ বাবে  সবল , সতেজ আৰু ইতিবাচক সাহিত্য ৰচনা কৰা ৷  
   কৰোণা মহামাৰীৰ বাবে ঘৰতে আবদ্ধ হৈ  পৰিবলগীয়া হোৱা এই সময়খিনিত  নিজকে এজন সাহিত্য অভিযন্তা হিচাপে গল্প প্ৰৱন্ধ আদি লিখি জাতিটোৰ ভাষাটোৰ ভেটিটোকে সৱল কৰাৰ বাবে চেস্তা কৰো বুলি সাহিত্য ৰচনাত ব্যস্ত হৈ পৰিলো। 
বিভিন্ন ফেচবুক গোট , ওৱাটচাপ গোট আৰু বাতৰি কাকতত মই হোৱাটচেপতে মোৰ লিখা বিভিন্ন গল্প, প্ৰবন্ধ আৰু দুই এটা কবিতা  দৈনদ্দিন ভাবে পঠিয়াব ধৰিলো।  দৈনিক অগ্ৰদূত, আমাৰ অসম, নিয়মীয়া বাৰ্তা, দৈনিক জনমভূমি, দৈনদ্দিন বাৰ্তা, অসম আদিত্য, সাপ্তাহিক সাদিন, অসমবানী, ৰণাঙ্গণৰ লগতে বিভিন্ন ই-আলোচনী আৰু অসম গৌৰৱ প্ৰান্তিকৰ পাতত মোৰ এটা দুটা লেখা প্ৰকাশ পাবলৈ ধৰাত মনত অদম্য হেঁপাহ আৰু সাহসে মাৰবান্ধি উঠিছিল । এটাৰ পাছত এটা লেখা নিৰাধাৰ লিখি গলো । মনৰ বল আৰু পাঠকৰ মৰম আৰু অনুপ্ৰেৰণা পাই এবছৰ সময়ৰ ভিতৰতে মুঠ ষাঠিটা ভিন্নসুৰী গল্প, পোন্ধৰটা প্ৰবন্ধ,  দুখন উপন্যাস আৰু এখন স্মৃতিলেখা 'মোৰ গাওঁ মোৰ  মানুহ'  ৰচনা কৰিলোঁ ।  তাৰে মাজৰ যোৱা আগষ্ট মাহত ভাষা পাব্লিকেশ্যনে প্ৰকাশ কৰি উলিওৱা 'বিহংগম দৃষ্টিত মিজোৰাম' নামৰ উপন্যাসখনে বিপুল সঁহাৰি লাভ কৰাত কিতাপখন ' Nghah-Loh-Dawr ' নামৰ দি ইংৰাজীলৈ অনুবাদ কৰা হয়।  ২অক্টোবৰ তাৰিখে মিজোৰাম বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য অধ্যাপক চম্বাশিবা ৰাও, অসম সাহিত্য সভাৰ সভাপতি শ্ৰীযুত কুলধৰ শইকীয়া আৰু দিল্লী পুলিচৰ বিশিষ্ট আয়ুক্ত শ্ৰীযুত ৰবিন হিবু ডাঙৰীয়াই উন্মোচন কৰা এই উপন্যাসখনে অসম আৰু মিজোৰামৰ পাঠকৰ সকলৰ আদৰ পাবলৈ সমৰ্থ হৈছিল।এটা সাক্ষাৎকাৰত  মিজোৰামৰ সন্মানীয় মুখ্যমন্ত্ৰী শ্ৰীযুত জোৰাম থাংগা ডাঙৰীয়াই মোৰ স্বলিখিত Nghah-Loh-Dawr উপন্যাসখনৰ বাবে দিয়া অনুপ্ৰেৰণা আৰু ৰাজ্যখনৰ পৰ্যটন বিভাগৰ মন্ত্ৰী ৰবাৰ্ট ৰোমাইয়া ৰইটে ডাঙৰীয়াৰ ফোন ক'লটো চিৰস্মৰণীয় হৈ ৰ'ব ।
 উপন্যাস  ভূটানৰ পটভূমিত লিখা মোৰ আনখন উপন্যাস  'যাদু আৰু সাধুৰ দেশৰ দিহিঙে দিপাঙে '  শীঘ্ৰেই পাঠকৰ হাতত তুলি দিবলৈ চেষ্টা কৰিম। 
কৰোণা অতিমাৰী সময়ত ওৱাটচাপত লিপিবদ্ধ কৰা সৰ্ব মঠ ১,২০,০০০ শব্দৰাজিৰে সৃষ্টিকৰা  মোৰ সাহিত্যৰচনাৰ পৰা সকলো গল্প আৰু প্ৰবন্ধখিনি মিহলাই ভাষা পাব্লিকেশ্যনৰ স্বত্বাধিকাৰ শ্ৰীযুত মুকুট শৰ্মা  দাদাই এখন সংকলন প্ৰকাশ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল ।  তাৰেই ফলশ্ৰুতিত মোৰ স্বলিখিত গল্প আৰু প্ৰবন্ধ সংকলন ' গল্প আৰু প্ৰবন্ধৰে এজন সাহিত্য অভিযন্তাৰ আত্মকথা' পাঠকৰ হাতত উৎসৰ্গা কৰিলো। 
বিগত এবছৰ কালৰ  সাহিত্য সাধনাত বিভিন্ন সময়ত মোক উৎসাহ যোগোৱা  বিভিন্ন বৰেণ্য লোক সকলক এই সুযোগতে কৃতজ্ঞতা জ্ঞাপন জনাব বিচাৰিম।  তেখেত সকলৰ ভিতৰত বিশেষ কৈ শ্ৰদ্ধাৰ ডঃ অমৰজ্যোতি চৌধুৰী চাৰ,  অধ্যাপক দেভেন দত্ত চাৰ, শ্ৰীযুতা অনুৰাধা শৰ্মা পূজাৰী, ডঃ সুনীল পবন বৰুৱা চাৰ, শ্ৰীযুত কিশোৰ গোস্বামী, শ্ৰীযুত লাচিত ডেকা, শ্ৰীযুত অমল দাস, শ্ৰীযুত ৰামৰাজন ৰঙ্গাৰাজন, শ্ৰীযুত ৰাজেন্দ্ৰ চুটাৰ, শ্ৰীযুত অভিজ্ঞান অনুৰাগ, ডাঃ সুশীল কুমাৰ জৈন, শ্ৰীযুতা ঊলুপী কাকতি, শ্ৰীযুত নীলিম আকাশ কাশ্যপ, শ্ৰীযুত মিন্টু দাস, শ্ৰীযুত মুকুট শৰ্মা,  ডাঃ গৌতম বৰদলৈ, শ্ৰীমতী ৰিতু গগৈ,শ্ৰীযুত প্ৰদীপ গগৈ, শ্ৰীযুত হিমাংশু পাঠক , শ্ৰীযুত থানেশ্বৰ মালাকাৰ, শ্ৰীযুত অনিল বৰদলৈ, শ্ৰীযুতা দিপ্তী কচাৰী, শ্ৰীযুতা অমলা ঠাকুৰীয়া, শ্ৰীমতী ৰঞ্জনা পাঠক, শ্ৰীযুত পলাশ শৰ্মা,  শ্ৰীযুত ডম্বৰুধৰ তালুকদাৰ, শ্ৰীযুত প্ৰনব নাথ, শ্ৰীযুত ৰোনাল্ড টাইদ, শ্ৰীযুতা টুলুমনি নেওগ, শ্ৰীযুত বিকি নেওগ, শ্ৰীমতী ৰানী নেওগ আৰু অন্যান্য বহু অনুৰাগীৰ লগতে মোৰ মৰমৰ গাঁও কুৰুৱাৰ সমগ্ৰ ৰাইজ মোৰ বাইদেউ কেইজনী, আটাই কেইটা ভাগিন ভাগিনী, মোৰ পৰিবাৰ আৰু সদৌশেষত মোৰ একমাত্ৰ কন্যা শ্ৰেয়ংশীলৈ মোৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলো । 

ধন্যবাদ। 


✍️চুমিন্দ্ৰ চৌধুৰী,
Literature Engineer
New Delhi. 
২৩৷১২৷২১

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)