মৰ্য্যদা - ষষ্ঠ খণ্ড | ধাৰাবাহিক উপন্যাস | বীণা বৰুৱা

Rinku Rajowar
0
বিয়া হোৱা দুমাহ পাৰ হৈ গ'ল।দুয়োৰে সম্পৰ্ক এতিয়াও তেনেদৰেই আছে।দুয়োৰে দুখন বিচনা।তথাপি প্ৰাচুৰ্য্যৰ আচৰণত মানসী প্ৰাচুৰ্য্যৰ কিছু ওচৰ চাপিল মানসিক ভাবে।প্ৰাচুৰ্য্যৰ তাইৰ প্ৰতি মৰম তথা তাইৰ প্ৰতি যত্নত তাইৰ মন ভৰি পৰে।তথাপিও কিবা এটাই যেন তাইক বাধা দি আছে।প্ৰাচুৰ্য্যই তাইৰ লাগতীয়াল প্ৰতিটো বস্তুৰ নজৰ ৰাখে গোপনে।আৰু তাই নকওঁতেই মনে মনে আনি দিয়ে।তাই চকুত কাজল লগায় পাতল কৈ প্ৰাচুৰ্য্যৰ বৰ ভাল লাগে।সি লক্ষ্য কৰিছিল তাইৰ কাজল শেষ হ'বৰ হৈছে।দুচকুত তাই কাজল বোলালে তাৰ তাইক দেখি বৰ ভাল  লাগে।সি যে তাইৰ কাজল লগোৱা ধুনীয়া উজ্বল চকুযুৰিৰ গভীৰ প্ৰেমত পৰিছে।সি তাই নোকোৱাকৈ তাই ব্যৱহাৰ কৰা "লেকমি আইকনিক কাজল'" কিনি আনি দ্ৰেচিং টেবুলৰ ওপৰত থৈ দিছিল।ঠিক তেনেদৰে তাই ব্যৱহাৰ কৰা ব্ৰেণ্ডৰ পাৰফিউম,লিপষ্টিক আদি সকলো সৰু সৰু বস্তুবোৰ তাই নকওঁতেই আনি দিছিল।মুঠৰ ওপৰত তাইৰ সৰু সৰু কথাবোৰতো সি নজৰ ৰাখিছিল।তাই অভিভূত হৈ পৰে তাৰ
সৰু সৰু কামবোৰত।অফিচলৈ ওলাই গৈও ব্যস্ততাৰ মাজতো ফোন কৰি তাইক সুধি থাকে তাই কি কৰি আছে কিবা খালে নে নাই?এই যে সৰু সৰু কথাবোৰে তাইৰ মন চুই যায়।আৰু এনেদৰে লাহে লাহে তাই যেন প্ৰাচুৰ্য্যৰ প্ৰতি আকৃষ্ট হ'ব ধৰিছে।মৰমবোৰ যেন লাহে লাহে বাঢ়িব ধৰিছে।
গা ধুই আহি প্ৰাচুৰ্য্যই বিচনাৰ ওপৰত তিতা টাৱেলখন থৈ পাহৰি যায় তাই লগে লগে প্ৰাচুৰ্য্যক বকিবলৈ আৰম্ভ কৰে।দ্ৰেচিং টেবুলৰ ওচৰত মূৰটো আঁচুৰি ফণিখন বিচনাত পেলায় থয় তেতিয়া তাইৰ বৰ খং উঠে।অফিচৰ পৰা আহি আলনাত কাপোৰ থয় যদিও থ'ব লাগে বাবে হে থয়।জোতা মোজা কোনোদিনে নিৰ্দিষ্ট ঠাইত নথয়।সেইবোৰত যেতিয়া মানসীয়ে তাক বকি থাকে সি মিচিক-মাচাক হাঁহি থাকে।সি অনুভৱ কৰে তাৰ লগত তাই লাহে লাহে সহজ হৈ আহিছে।নহ'লেনো এই সৰু সৰু কথাবোৰত তাক বকেনে? য'ত মৰম থাকে তাতেইটো খং,অভিমানো থাকে।তাৰ মনটো ভাল লাগি যায়।আৰু অফিচত কামৰ মাজতো কথাবোৰ মনত পেলাই কাণত আৰফোনডাল লগাই মিচিকি হাঁহিটি লৈ গান শুনি শুনি কাম কৰি থাকে।পাপনৰ গানটোত যেন তাৰ মনৰ সঁচাকথাখিনি হে আছে।তাৰ বৰ প্ৰিয় এই গানটো।
             তোমাৰ কথা ভাবিলেই জানা
             জোনাক উপচি পৰে।
             বুকুৰ সিপাৰে এহেজাৰ গোলাপে
             ৰঙা ৰঙা কলি মেলে।
             ছায়া হৈ আহা এবাৰ কাষৰলে
             দিঠকত নেলাগে আহিবলে
             সপোনত আহা এবাৰ কাষৰলে।
 আজিকালি সন্ধিয়া তাই প্ৰাচুৰ্য্য অফিচৰ পৰা অহালৈ অধীৰ আগ্ৰহেৰে ৰৈ থাকে। আজিকালি অলপ পলম হ'লেই তাই ফোন কৰে।তাইৰ ফোনটো অহাৰ লগে লগে সি  ফোনটো ৰিচিভ কৰে।তাইৰ মাতটো শুনাৰ বাবে সিও যেন ব্যগ্ৰ হৈ পৰে।তাৰো ভাল  লাগে মনটো।থাককচোন এনেদৰেই!নেলাগেচোন  মৰম নোহোৱাকৈ, আন্তৰিকতা নোহোৱাকৈ তাক শাৰিৰীক সম্পৰ্ক! এনেকৈয়েচোন এটা সুকীয়া আমেজ আছে।ভালপোৱা ভাল লগাবোৰ চাগে তেনেকুৱাই।দুমাহ মানে ষাঠি দিন! যথেষ্ট!এজনে আনজনৰ প্ৰতি আকৰ্ষিত হ'বলৈ! দুটি মন এটি হ'বলৈ।ভাল লগাবোৰ ভালপোৱালৈ পৰিবৰ্তন হ'বলৈ।
      তাইয়ো মনে মনে ভাবে তাই প্ৰাচুৰ্য্যক আকোঁৱালি লৈছে,ভাল লগা হৈছে তাইৰ প্ৰাচুৰ্য্যক,প্ৰাচুৰ্য্য নহ'লে তাইৰ ভাল নালাগে, প্ৰাচুৰ্য্য ঘৰত থকা সময়খিনি তাইৰ মন ভৰি থাকে।তাক ভাল লাগে তাইৰ। কিন্তু এতিয়া নো কয় কৈনেকৈ? তাইৰ কিবা লাজ নালাগে নেকি?? তাইৰ কথাবোৰত তাইৰ চাৱনীতেইটো প্ৰাচুৰ্য্যই বুজি পাব লাগে।নাই!! তাই এইবাৰ নিজেই ক'ব প্ৰাচুৰ্য্যক। আজিকালি প্ৰতিটো মূহুৰ্ত্তত তাইৰ মনটোত প্ৰাচুৰ্য্যই আগুৰি থাকে।প্ৰাচুৰ্য্যৰ কথা মনলৈ আহিলেই তাইৰ ওঁঠেৰে এটা সলাজ হাঁহি বাগৰি আহে।প্ৰতিটো মূহুৰ্তত প্ৰাচুৰ্য্যৰ কথা ভাবি থাকি ভাল লগা হৈছে।নাই তাই আৰু প্ৰাচুৰ্য্যক কষ্ট নিদিয়ে।তাই নিজেই ধৰা দিব।আজি দুমাহেই হ'ল বিয়া হোৱা।প্ৰাচুৰ্য্যই প্ৰাচুৰ্য্যৰ কথা ৰাখিছে।সি কোনোদিনে তাইক জোৰকৈ একো কোৱা নাই, তাই বেয়া পোৱা কোনো কামৰ বাবে জোৰ কৰাও নাই।তাই যিদৰে বিচাৰিছে তেনেদৰেই থাকিবলৈ দিছে।ইয়াত কৈ তাইক আৰু কি লাগে???

     ( আগলৈ)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)