গাঁৱৰ পৰিৱেশ পাহৰি,
পাহৰি পেলালোঁ সেই সোণালী স্মৃতিবোৰ
যি আনন্দৰ এনাজৰী।।
চহৰত থাকিলোঁ কিন্তু সেই
সোণালী স্মৃতিবোৰে,
সদায়েই মনক টানে।
গাঁৱৰ সৌন্দৰ্যই মাতে ৰিঙিয়াই
হে সুন্দৰৰ শিল্পী,
আহাচোন উভতি গাঁৱলে।।
চহৰীয়া জীৱনৰ ৰুক্ষতাবোৰ যেন
লাহে লাহে চকুত পৰিছে,
গাঁৱৰ সেউজে মাতিছে মোক
চিঠিৰে আদৰণি জনাইছে।।
সঁচাই কিমান অকলশৰীয়া মই
এই চহৰীয়া জীৱনত,
অনুভৱ হৈছে ৰুক্ষতা বোৰ
বিভাৱৰীৰ বিমুক্ত বক্ষত।।
কংক্ৰীটৰ এই বিশাল অৰণ্যত
নিসংগ পোক মই,
নগৰীয়া জীৱনৰ শূণ্যতাবোৰ যেন
অপ্ৰাপ্তিৰ নিশ্বাস হয়।।
চহৰীয়া জীৱনৰ যান্ত্ৰিকতাত
আলস্য হৈছোঁ আমি,
গ্ৰাম্য জীৱনৰ অকপট ৰূপত
বিমুগ্ধ হৈছোঁ আজি।।
চহৰীয়া জীৱনে বিপ্ৰকৰ্ষণ কৰিছে
সঞ্জীৱিত স্মৃতিৰ তথ্য,
গাঁৱৰ সেউজীয়া পথাৰত ৰুইছে
সোণালী ভৱিষ্যতৰ স্বপ্ন।।
🔳সুশান্ত দাস, শিৱসাগৰ।।
bet365 casino and sportsbook - Jordan13 Sports
ReplyDeleteBet365 is a privately held company based in London, 1xbet login England. The firm offers 모바일카지노 sports betting, bingo, replica air jordan 13 retro casino, poker, bingo 더킹카지노 조작 and gambling. Bet365 is 토토사이트