তই মোৰ সৌভাগ্য -গীতাৰাণী পাঠক দাস

Aditi Tanti
0
তই মোৰ জীৱনৰ সৌভাগ্য 
মই তোৰ মা 
খং নকৰিবি অ'... সোণ!! 
কিমান যে হেঁপাহ তই মোৰ 
তই হাঁহিলে মোৰ বুকুত সৰগ নামে 
তই কান্দিলে মোৰ বুকু ভাঙে |
তোৰ বাবেইতো সকলো আয়োজন 
প্ৰতিবিন্দু তেজেৰে তোক গঢ়িছোঁ 
শেষ বিন্দু তেজ থকালৈকে 
শিক্ষা দীক্ষাৰে তোক প্ৰতিপালন কৰিলোঁ 
এতিয়া যে তোৰ সোণালী সময় 
এই সোণালী সময়ৰ উজ্জ্বল আলোক চাবলৈ মই বাট চাই আছোঁ আকুলতাৰে 
তই দুখ নকৰিবি সোণ! 
সৌভাগ্যই এদিন তোৰ কপাল চুমিব 
তোৰ সপোনবোৰ দিঠক হ'ব 
আত্মবিশ্বাস আৰু ধৈৰ্য্যক সাৰথি কৰি 
সাহসেৰে আগুৱাই গ'লে বিচৰাবোৰ 
হাততে পাবি, "ধৈৰ্যৰ ফল মিঠা "
"কৰ্মই ধৰ্ম "এই কথা মানি 
সততাৰে নিজৰ কৰ্ম কৰি গ'লেই 
লভিব পাৰি সফলতাৰ মধুৰ ক্ষণ |
তই মোৰ উশাহৰ নিবিড় স্পৰ্শ 
তই মোৰ হেঁপাহৰ ফুল কলি 
তই মোৰ জীৱন 
তই দুখ নকৰিবি সোণ 
তই খং নকৰিবি অ'... সোণ!!! 


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)