মৰ্য্যদা | ৫ম খণ্ড | বীণা বৰুৱা

Rinku Rajowar
0
চকু-কাণ টিপি তাই বহি থাকিল প্ৰাচুৰ্য্যৰ ৰেহ-ৰূপ চাই। প্ৰাচুৰ্য্যই দুৱাৰৰ খিলিটো লগাই চাৰ্টটো খুলি আলনাত থৈ টেবুলত  গিলাচত থকা পানী কেইঢোক মান ঘোট ঘোটাই পি খাই তাইৰ ওচৰত আহি
বহিল।তাই একো মতা নাই যদিও তাইৰ চকুৰে সৰ সৰাই চকুলো বাগৰি আহিল।সি তাইৰ একেবাৰে ওচৰলৈ গৈ ওৰণিখন অলপ ওপৰলৈ উঠাই দি তাইক তাৰফালে চপাই আনিব খোজাত তাই অলপ ৰুক্ষ স্বৰেৰে কৈ উঠিল--
মানসী----- plz....এইবোৰ ভাল নেলাগে মোৰ!
প্ৰাচুৰ্য্য----  কি হ'ল বিয়া মানেইতো এইবোৰ ! বিয়া মানেইতো সমাজত সকলোৱে জনা অথচ লোকচক্ষুৰ আঁতৰৰ বুকুৰ গোপন মৰম! তুমি মই সামাজিক বান্ধোনেৰে বান্ধ খালো যেতিয়া তোমাক মৰম কৰাৰ অধিকাৰ মোৰ আছে নিশ্চয়।
মানসী--- মোৰ মন আৰু শৰীৰ ঠিক নহয়! বিয়াত কষ্ট হৈ আছে বহুত plz......
প্ৰাচুৰ্য্য......ঠিক আছে বাৰু! তুমি ৰেষ্ট লোৱা আৰু তুমি যেতিয়া বিচৰা তেতিয়াহে
মই তোমাৰ ওচৰলৈ আহিম।
    তাই যেন সহজ হ'ব পৰা নাই প্ৰাচুৰ্য্যৰ ওচৰত।তাই অনুভৱ কৰে এয়া অন্যায় তাইৰ প্ৰাচুৰ্য্যৰ প্ৰতি। কিন্তু তাই কৰে কি?মনে নেমানে যে তাইৰ! প্ৰাচুৰ্য্যই তাইৰ ওচৰৰ পৰা গাৰু এটা লৈ তাই অসুবিধা হ'লে ব্যৱহাৰ কৰিব অনা ৰূমত থকা সৰু পালেংখনত শুবলৈ গ'ল।তাই একো নক'লে যদিও তাইৰ বেয়াও লাগিল। হওঁক তেওঁ শান্তি! ইচ্ছা কৰা হ'লে প্ৰাচুৰ্য্যই জোৰকৈ তাইৰ শৰীৰটোত অধিকাৰ সাব্যস্ত কৰিব পাৰিলেহেঁতন, কিন্তু তাকে নকৰি সি বেলেগকৈ শুব গ'ল।তাইৰ মনটো কিছু ভাল লাগিল।পুনৰ প্ৰণয়লৈ মনত পৰিল তাইৰ! ক'ত আছে বাৰু সি?কি কৰি আছে? তাই যে কি পৰিস্থিতিত পৰিল এইয়া!চকুৰপানী নিগৰি থাকি তাইৰ শিতানৰ গাৰু তিতি থাকিল।চিগাৰেটৰ ধোঁৱাৰ দৰে কথাবোৰ পাকঘুৰণি খাই কুণ্ডুলি পকাই থাকিল তাইৰ মূৰত।তাইৰ হৃদয়ৰ অব্যক্ত বেদনা কাকো খুলি ক'বও নোৱাৰে আৰু সহিবও নোৱাৰে।
        আনহাতে প্ৰাচুৰ্য্যই ভাবিলে ছোৱালী মানুহ!বিয়াত চাগে তাইৰ বৰ কষ্ট হৈছিল।
দুদিনমান ৰেষ্ট ল'লে ভাল পাব।এনেয়েও এখন ঘৰ এৰি আহিছে সময় ল'ব অলপ ঠিক হওঁতে।সিওঁ যিমান পাৰে সহজ হৈ তাইক সমৰ্থন কৰি যাব।আচৰিত!এই ছোৱালী জীৱনটো!এখন ঘৰত কেঁচুৱাৰ পৰা যৌৱনৰ নিৰ্দিষ্ট সময়লৈ যেন জিৰণি লয়।আকৌ বিয়াৰ পিছত আনখন ঘৰ আকোঁৱালি লৈ লাহে লাহে নতুন ঘৰখনৰ সকলো দায়িত্ব মূৰ পাতি লয় মৃত্যুৰ শেষ মুহুৰ্তলৈকে।ভগৱানেও নাৰীক আচৰিত শক্তি দিছে কিন্তু!
   ৰাতিপুৱা প্ৰাচুৰ্য্যই নিজেই দুকাপ কফি বনাই তাইলৈ আগবঢ়াই দি ক'লে---
প্ৰাচুৰ্য্য--- Good Morning. নিশা ভালদৰে টোপনি গ'লা নে?
মানসী----উম।
তাই বেছি কথা নাপাতিলে।কফিকাপ হাতত লৈ ক'লে---
মানসী------ এটা কথা সোধো।??
প্ৰাচুৰ্য্য----সোধা আকৌ।
মানসী-----মই যদি চাকৰি কৰিব খোজো কিবা আপত্তি আছে নেকি?
প্ৰাচুৰ্য্য---- কিয় আপত্তি থাকিব? ভাল হে। মই ওলাই যোৱাৰ পিছত তুমি অকলশৰে ব'ৰ হৈ পৰিবা।যদি বিচৰা মই কথা পাতি চাব পাৰো। ওচৰতে এখন প্ৰাইভেট বিদ্যালয় আছে।তাৰে মেনেজমেন্ট কমিটিত
মই জড়িত আছো।তদুপৰি মই জনাত তাত এজন শিক্ষকৰ প্ৰয়োজন নে তুমি বেলেগ কিবা ভাবিছা? বা তুমি কিবা বেলেগ ঠিক কৰি থৈছা যদিও মোৰ কোনো আপত্তি নাই।
তোমাৰ য'তেই ভাল লাগে !
মানসী----নাই মোৰ তেনে কোনো নিৰ্দিষ্ট কৰি থোৱা নাই! মই কোনোবা কোম্পানীতেই হয়তো চেষ্টা কৰিলোহেঁতেন। বিদ্যালয় হ'লে ভালেই হ'ব।
প্ৰাচুৰ্য্য----উম! দৰমহা হয়তো বেছি নহ'ব।তথাপি তোমাৰ সময়খিনি কণ কণ ল'ৰা ছোৱালীৰ মাজত সৎভাৱে পাৰ হ'ব আৰু দৰমহাৰ লগত কোনো কথা নাই।তুমি ব্যস্ততাত থাকিব পৰিবা।
       মানসীৰ মনটো যথেষ্ট ফৰকাল হ'ল।প্ৰাচুৰ্য্য হয়তো তাই বিচৰাৰ দৰেই হ'ব! তাইক বুজাৰ চেষ্টা কৰিছেচোন! তথাপি তাই সহজ হ'ব নোৱাৰিলে।দুয়োৰে মাজত তাই নজনাকৈ এটা দূৰত্ব থাকি গ'ল।
        মাজে মাজে প্ৰাচুৰ্য্যৰ বৰ মন যায় তাইক মৰম কৰিবলৈ। কিন্তু তাইক কোনোদিনেই জোৰ কৰা নাই।স্বত:ফূৰ্ত মৰম নহ'লে জীৱনত কোনো আমেজ নাই।জোৰকৈ অধিকাৰ সাব্যস্ত কৰিবলৈ গ'লে হয়তো হিতে বিপৰীত হ'ব। হয়তো তাইৰ মন মৰম ভালপোৱাৰ সলনি ঘৃণাৰে ভৰি পৰিব।তাইতো এতিয়া তাৰেই!নাই নাই! সি তাইক অবিশ্বাস কৰিব নোৱাৰে।সম্পৰ্কটো আৰম্ভ হৈছেহে!সম্পৰ্ক এটাত বিশ্বাসৰ প্ৰয়োজন। বিশ্বাস জীৱনৰ এটা অংশ।যদি কিবা কাৰণত যিকোনো সম্পৰ্কত এবাৰ বিশ্বাস হেৰুৱাই তেনেহ'লে পুনৰ বিশ্বাস গঢ়া বৰ কঠিন হৈ পৰে।সম্পৰ্কৰ ঠুনুকা বান্ধোনত বিশ্বাস দৃঢ় হ'ব লাগে।সম্পৰ্কত যদি এজনে আনজনৰ প্ৰতি অবিশ্বাস কৰিছে তেন্তে জানিব লাগে ইজনে নিশ্চয় কিবা insecurityত ভুগিছে। আৰু সেই insecurity আঁতৰাবলৈ এজনে আনজনে  বেয়াপোৱা কাম কৰাৰ পৰা বিৰত থাকিব লাগে।সততা থাকিলে প্ৰমাণ দি সম্পৰ্কটো দৃঢ় কৰি বিশ্বাস দৃঢ় কৰিব পাৰিব লাগে আৰু তাকে নকৰি যদি তৰ্কত লিপ্ত হয় তেতিয়া হয়তো ফোপোলা সম্পৰ্ক এটাৰ সৈতে কষ্টেৰে জীৱন কটাব লগাত পৰে।গতিকে তাইক কিছু সময় দি চাব সি।তাই নিজেই মানসিকভাৱে প্ৰস্তুত নোহোৱালৈকে সি অপেক্ষা কৰিব।তাইৰ টোপনি আহি আছিল।সি তাইলৈ একেথিৰে তাইৰ মুখলৈ চাই থাকিল...ইমান মৰম লগা,ইমান নিষ্পাপ ,ইমান নিৰ্ভয়ে টোপনি মাৰি আছে।শোৱক টোপনিটো ভালদৰে মাৰি লওঁক! তাইৰ গাত পাতল কাপোৰ এখন ভালদৰে উৰাই দি মৰম কৰিব বুলিও তাইৰ গালৰ ওচৰৰ পৰা হাতখন আঁতৰাই আনিলে টোপনিত ব্যাঘাত হ'ব বুলি।
 
(আগলৈ)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)