ককাক আৰু নাতিনীয়েকৰ মৰম-সীমা দাস

©Admin
1
সুমনহঁতৰ ঘৰত আজি আনন্দৰ সীমা নাই। কাৰণ, সুমনে আজি  হাইস্কুল শিক্ষান্ত পৰীক্ষাত চাৰিটা বিষয়ত লেটাৰ সহ প্ৰথম স্থানত উৰ্ত্তীণ হৈছে। তাইক....মাক- দেউতাক, ককাক- আইতাক তথা পৰিয়ালৰ সকলো লোকেই শুভেচ্ছা জনাইছে। সুমনৰ মনত বহুত ফূৰ্তি। কিয়নো.... তাই এতিয়া মহাবিদ্যালয়ত নাম লগাব পাৰিব। কিন্তু এই কথাটো সুমনৰ ককাকে ভাল পোৱা নাছিল। কাৰণ, সিহঁতৰ ঘৰৰ পৰা মহাবিদ্যালয় খন ৫৫ কি: মি দূৰৈত। ইমান দূৰ সদায় অহা- যোৱা কৰাটো সম্ভৱ নহয়। সেই বাবে তাই তাত থাকি লব লাগিব। তাই যদি তাত থাকি লয় ককাকৰ লগত কোনে খেলিব, গান, নাচ, সাধু, কবিতা আদি কোনে কব। এই কথাবোৰ ভাবি থাকোঁতেই সুমনে আহি ককাকক সাৱতি ধৰি কলে,' ককা.... তুমি মোৰ কথা ভাবি আছা নহয় নে? মোৰো তোমাক এৰি যাবলৈ মন যোৱা নাই জানা। কিন্তু, কি কৰিবা... 
ককা কে কলে.... একো নহয় হ'ব দিয়া, মন বেয়া নকৰিবা , ভাল দৰে পঢ়ি- শুনি ডাঙৰ মানুহ হ'বা দেই।


তাই মহাবিদ্যালয়ৰ ওচৰতে থকা ভাৰা ৰুম এটাতে থাকি ল'লে। ঘৰলৈ সদায় ফোন কৰে আৰু সকলোৰে লগত কথা পাতে। বিশেষকৈ, ককাকৰ লগত বেছি পাতে । তেনেদৰে ছমাহ পাৰ হল। হঠাতে ককাকৰ গা বেয়া হল। কিন্তু সুমনক কোৱা নাই ককাকৰ গা বেয়া বুলি, ককাকেও কবলৈ মানা কৰিছিল। তেনেকৈ তিনিদিন থকাৰ পাছত ককাকৰ মৃত্যু হল। ইতিমধ্যে, ককাকৰ মৃত্যু ৰ খবৰ টো দেউতাকে তাইক দিলে আৰু তাই লৰা- লৰিকৈ ঘৰলৈ আহিল। ঘৰ পাই দেখে যে ককাকৰ মৃত  দেহটো চোতালত শুৱাই থোৱা আছে। তাই ককাকৰ মৃতদেহ ওচৰত ৰৈ কান্দি কান্দি ইমান ককাকক মাতিলে কিন্তু, ককাকে কোনো সঁহাৰি নিদিলে।

              

                                    

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

  1. No merit casino in las vegas
    The Golden Nugget Casino has been in operation since 1993, serving its customers a variety of dining kadangpintar options, and 메리트카지노 a number of specialty Number of table games: 3D slotsNumber of 인카지노 table games: 2D slots

    ReplyDelete
Post a Comment