মৃতকৰ সৎগতি অৰ্থে: মে ডাম মে ফি -চিন্ময় ডেকা

Aditi Tanti
0
আহোম সকলৰ প্ৰধানতঃ ধৰ্মীয় লোক উৎসৱ মে ডাম মে ফি। পৰম্পৰা অনুসৰি , টাই আহোম সম্প্ৰদায়ৰ লোকসকলে ৩১ জানুৱাৰী দিনটোত সামূহিকভাৱে এই মাংগলিক উৎসৱ পালন কৰে। মে ডাম মে ফি হ’ল টাই আহোমসকলৰ আহোম ধৰ্মৰ নিয়ম অনুসৰি পালন কৰা সামাজিক পৰম্পৰাগত লোক উৎসৱ। পৰম্পৰা অনুসৰি, আহোমসকলে ঘৰুৱা ভাৱে বিহু বা অন্যান্য মাঙ্গলিক অনুষ্ঠানৰ দৰে এই উৎসৱ পালন কৰা দেখা যায়। প্ৰচলিত আছে, এই উৎসৱত আহোমসকলে পূৰ্বপুৰুষসকলক স্মৰণ কৰে লগতে পূৰ্ব-পুৰুষৰ সৈতে অশাৰীৰিক যোগসূত্ৰ স্থাপন কৰি নিজ পৰিয়াল আৰু সমাজ তথা দেশৰ মংগলৰ বাবে বিভিন্নজনে বিশ্ব শান্তিৰ অৰ্থে মৃতকক স্মৰণ কৰি আশীৰ্বাদ বিচাৰে। টাই-আহোম জনগোষ্ঠীৰ লোকসকলে বিশ্বাস কৰে যে, দেৱ-দেৱতাসকলক পূৰ্ব-পুৰুষৰ যোগেদিহে পাব পৰা যায় সেয়ে জনশ্ৰুতি অনুসৰি প্ৰয়াত পূৰ্ব-পুৰুষৰ আত্মাই গৃহ-দেৱতাৰ ৰূপত আহি পৰিয়ালৰ জীৱিত সদস্যসকলক সুৰক্ষা প্ৰদান কৰে বুলি ঠাৱৰ কৰে। লগতে মৃতকসকলৰ জৰিয়তে দেৱ-দেৱতা আৰু পৰমেশ্বৰলৈও প্ৰাৰ্থনা জনোৱা হয়। সাম্প্রতিক সময়ত এই উৎসৱক ধৰ্মীয় মাঙ্গলিক অনুষ্ঠানৰ লগতে এক সামাজিক উৎসৱ হিচাপে পালন কৰি অহা পৰিলক্ষিত হৈছে। এই পূজাত উল্লেখ্য ভাৱে 'ফ্ৰালুং' আৰু 'বানফী' আদি টাই পুথিৰ পৰা মন্ত্ৰ পাঠ কৰা হয়। মে-ডাম-মে-ফিৰ অৰ্থ হ’ল মে মানে তৰ্পন, ডাম মানে মৃতক আৰু ফী মানে হৈছে মৃতকৰ দেও অৰ্থাৎ টাই আহোম জনগোষ্ঠী লোকসকলৰ ভাষাত যাক "খ্য়েক-লাই" বুলি সৰ্বজনবিদিত। য'ত এই লোক উৎসৱে অপায়-অমংগল, দূখ-দূৰ্গতি নাশ কৰি সমাজ খন সুন্দৰ ভাৱে পৰিচালিত হ'ব বুলি অতি বিশ্বাসেৰে প্ৰতিজন টাই আহোম জনগোষ্ঠী লোকসকলৰ হৃদয়ত গণ্য কৰা হয়।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)