যুৱ প্ৰজন্ম-সত্যম গৌৰ

©Admin
0
উঠি অহা যুৱ প্ৰজন্ম দেশৰ ভৱিষ্যত । যুৱ প্ৰজন্মৰ কৰণীয় বহুতো আছে। প্ৰতিজন যুৱ চামৰ সুচিন্তা ধাৰাই এখন সমাজ , দেশ, ৰাষ্ট্ৰৰ কল্যাণ সাধন কৰিব পাৰে । সেয়েহে ,একো একোজন যুৱক যুৱতীয়ে নিজকে শৈক্ষিক,সামাজিক অাৰু অৰ্থনৈতিক ভাৱে নিজকে সবল কৰি তুলি লব পাৰিব লাগে।কাৰণ এখন সমাজ দেশৰ উন্নয়ন হবলৈ হ'লে আমাৰ সামগ্ৰিক আন্তঃ গাঁথনি ভাল হব লাগে।শিক্ষা মূল আধাৰ যাৰ জৰিয়তে যুৱ প্ৰজন্মই উচিত বিচাৰ বিবেচনা বা আইনগত নীতি শিক্ষা এইবোৰ আয়ত্ব কৰিব পাৰে। যুৱ প্ৰজন্মই ইচ্ছা কৰিলে বহুখিনি কাম সমাজৰ বাবে কৰিব পাৰিব। সমাজৰ উন্নতি তেতিয়া হব যেতিয়া প্ৰতিজন যুৱচামৰ মাজত মিলা প্ৰীতি একতাৰ ভাৱ থাকিব । বিশেষ কৈ কবলৈ গলে প্ৰতিজন ব্যক্তিৰ নৈতিকতা জ্ঞান যথেষ্ট ভাৱে প্ৰয়োজনীয় । নৈতিকতা শিক্ষাই প্ৰতিজন যুৱচামক ভাল মানুহ হিচাপে প্ৰতিষ্ঠা কৰিব পাৰে।
         
  গতিকে যুৱ প্ৰজন্মৰ সমাজৰ , দেশৰ প্ৰতি গুৰু দায়িত্ব আছে। সেয়েহে , একো একোজন যুৱক যুৱতী সমাজৰ বাবে আদৰ্শ হৈ ৰব লাগে তেতিয়া হে ভাল কৰ্মৰ যোগেদি কাৰোবাৰ আৰ্হিৰ পাত্ৰ হব পাৰি ।  সেইবাবে যুৱ প্ৰজন্মই বুজি পাব লাগে যে আমি কোন দিশে গতি কৰিলে  সামগ্ৰিক উন্নয়ন হব । কাৰণ উঠি অহা যুৱক দেশৰ ভৱিষ্যৎ।
      

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)