ন’এন্ট্ৰি - প্ৰণৱ চক্ৰৱৰ্ত্তী

টং টং টং
হৰিকাইৰ হাতৰ খুন্দাত কঁপিছিল
স্কুলৰ বাৰাণ্ডাৰ বেল,
গৈ নাপালে আমাৰ বাবে
ঘোষণা হয় ন’এন্ট্ৰি৷
ন’এন্ট্ৰিয়ে তেতিয়াৰ পৰাই
থিতাপি লৈ বহে বুকুত৷
পকেট খালী
ন’এন্ট্ৰি পেটত,
চাকৰি নাই
ন’এন্ট্ৰি প্ৰেমিকাৰ ঘৰত৷
ন’এন্ট্ৰি বাটত
ন’এন্ট্ৰি হৃদয়ত
ন’এন্ট্ৰি এতিয়া প্ৰতি খোজত...


Post a Comment

Previous Post Next Post