সম্পাদকীয় - ২০২২ জানুৱাৰী মাহৰ সংখ্যা

©Admin
1
শীতৰ ৰাতিৰ 
উমাল অলসতাক আতঁৰাই
পুৱাতেই কোমল ৰ'দালিৰ
উছাহভৰা খোজ।
পাহাৰে পাহাৰে
শুভ্ৰ কুঁৱলীৰ
আলসুৱা পৰশ।

থৌকি-বাথৌ হিয়াৰে
চৰাইজাকৰ
সুমধুৰ কোলাহল।

অযুত আশা
বুকুত বান্ধি
ওলাই আহিল সূৰুয
সোণোৱালী ওঁঠত তাৰ
সৰিয়হফুলীয়া হাঁহি।

কোমল বতাহ
উজাই লৈ 
নীলাভ সাগৰেও ক'লে
এই উপহাৰ
নতুন পুৱাৰ।

       আজিৰপৰা ইংৰাজী নৱবৰ্ষ ২০২২ আৰম্ভ হ'ল। গতিকে পহিলা জানুৱাৰীত পাঠকবৃন্দলৈ "অসমীয়া সাহিত্যৰ চানেকি"ৰ পৰিয়ালৰ তৰফৰ পৰা নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। পহিলা জানুৱাৰীৰ দিনটো এনেয়েই বিশেষ ; তাতে এই দিনটো হৈছে অসমৰ একমাত্ৰ আৰু প্ৰথম দৈনিক ই-আলোচনী "অসমীয়া সাহিত্যৰ চানেকি"ৰ প্ৰতিষ্ঠা দিৱস। আজিৰ পৰা দুবছৰ পূৰ্বে ০১/০১/২০২০ তাৰিখে যোৰহাটৰ ৰিংকু ৰাজোৱাৰ, বোকাখাটৰ ৰিণ্টু কুৰ্মী আৰু নুমলীগড়ৰ দুলাল ৰবিদাসৰ সন্মিলিত প্ৰচেষ্টাত  আমাৰ আলোচনীখন পোনপ্ৰথমবাৰলৈ ৱেবছাইটত প্ৰকাশ কৰা হৈছিল। তেতিয়াৰপৰাই আজি পৰ্যন্ত প্ৰতিষ্ঠাপক মুখ্য সম্পাদক ৰিংকু ৰাজোৱাৰৰ নেতৃত্বত আমি প্ৰায় ৪০ জনীয়া এটি দলে  আলোচনীৰ যাৱতীয় কাম-কাজ সমিলমিলেৰে কৰি আহিছো। একেবাৰে চালুকীয়া অৱস্থাৰপৰা আজি অঃসাঃচাঃ পৰিয়াল অসম তথা প্ৰৱাসী অসমীয়াসকলকো সামৰি লোৱা এক বৃহৎ অনুষ্ঠানলৈ পৰিণত হৈছে।

       সাহিত্যনো কি? জীৱনৰ অমিয়া। সাহিত্য এক কলা। চিৰপৰিচিত পুৱাৰ ৰাঙলী বেলিটো, বোৱতী নৈখন, নীলিম আকাশখন, প্ৰাত্যহিক জীৱনৰ চিৰন্তন আৱেগ-অনুভূতিবোৰতো যিয়ে জীৱনবোধ, অথবা প্ৰেৰণাৰ সন্ধান কৰিবলৈ মানৱ-মনক উদ্‌গনি দিয়ে। সেয়াই সাহিত্য। সাহিত্য সমাজৰ দাপোণ। সাহিত্যই এটা জাতিৰ, এটা অঞ্চল, এখন দেশৰ ইতিহাস, অগ্ৰগতি সকলোৰে প্ৰতিফলন ঘটায়। অসমীয়া সাহিত্যৰ প্ৰসাৰ আৰু বিকাশৰ উদ্দেশ্য আগত ৰাখিয়েই "অসমীয়া সাহিত্যৰ চানেকি"ৰ প্ৰতিষ্ঠা কৰা হৈছিল।

         অসমৰ বাবে ২০২১ খ্ৰীষ্টাব্দ এক সানমিহলি বছৰ। ২০২০ চনৰ দৰে এই বছৰটোও আছিল অতিমাৰী কভিড-১৯ কবলিত। কভিডৰ নিত্য নতুন ৰূপান্তৰে অসমৰ সামাজিক, অৰ্থনৈতিক, শৈক্ষিক আৰু ৰাজনৈতিক ক্ষেত্ৰত প্ৰভাৱ পেলাইছিল।


            কভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ২০২১ চনত অসমৰ শৈক্ষিক ইতিহাসত প্ৰথমবাৰলৈ পৰীক্ষা নপতাকৈ ফলাফল ঘোষণা কৰা হয়। শিক্ষা প্ৰতিষ্ঠানসমূহৰ আভ্যন্তৰীণ মূল্যায়নৰ ভিত্তিত যোৱা ৩১ জুলাইত অসম উচ্চ মাধ্যমিক শিক্ষা পৰিষদ আৰু অসমৰ উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফলসমূহ ঘোষণা কৰে।


       ২০২১ চনত এমাহলৈকে কম সময়ৰ ব্যৱধানত আমি হেৰুৱাবলগা হ'ল একেটা বছৰতে জন্মগ্ৰহণ কৰা দুগৰাকী প্ৰথিতযশা সাহিত্যিক হোমেন বৰগোহাঞি আৰু লক্ষীনন্দন বৰাক।

         কভিডে বিলম্বিত কৰা ২০২০ চনৰ টকিঅ'  অলিম্পিক যোৱা ২৩ জুলাইৰ পৰা ৮ আগষ্টলৈ অনুষ্ঠিত হয়। য'ত লাভলিনা বৰগোঁহাইয়ে অলিম্পিক পদক বিজয়ী প্ৰথম অসমীয়া হোৱাৰ গৌৰৱ অৰ্জন কৰিল।


          ডিচেম্বৰ মাহত কবি নীলমণি ফুকনে জ্ঞানপীঠ বঁটা, অনুৰাধা শৰ্মা পূজাৰীয়ে সাহিত্য অকাডেমী বঁটা, মৃণাল কলিতায়ে শিশু সাহিত্য অকাডেমী বঁটা, অভিজিৎ বৰায়ে সাহিত্য অকাডেমী যুৱ বঁটা লাভ কৰে। অসমীয়া সাহিত্য জগতৰ বাবে এয়া আশাপ্ৰদ খবৰ।

           নতুন বছৰে সকলোৰে জীৱনলৈ নতুনৰ ৰ'দালি কঢ়িয়াই আনক ; আমাৰ অঃসাঃচাঃৰ জয়যাত্ৰা অব্যাহত থাকক। এই আশাতেই আজিৰ সম্পাদকীয় পৃষ্ঠা উৎসৰ্গা কৰিলো।                          

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

  1. সুন্দৰ,অ:সা:চা:পৰিয়াললৈ ইংৰাজী নৱবৰ্ষ ২০২২ শুভেচ্ছা জ্ঞাপন কৰিলোঁ ।

    ReplyDelete
Post a Comment