সময় বৰ নিষ্ঠুৰ ! ~নাছিৰ আহমেদ

©Admin
0
সময় গতি কৰিছে
নীৰৱ- নিৰৱিচ্ছিন্ন ভাৱে ---------
পুৰণি পৃথিৱীখন নকৈ চাই লবলৈ                      
আমি বাৰে-ৰহণীয়া ৰঙৰ উৎসৱ পাতো ।
হাতে হাত ধৰি, কান্ধত কান্ধ পাতি
মহা-মিলনৰ গীত গাওঁ; প্ৰাণ ঢালি নৃত্য কৰোঁ ।

কিন্তু! সময় বৰ নিষ্ঠুৰ!
পুৰণি পৃথিৱীখন আলৰ বুঢ়া হয় 
সেঁতা পৰা নয়ন -যুগল অসহায় !
সৰি পৰে লুণীয়া চকুলো ;
ওঁঠ-যুৰিত কঁপনি ,বাক-ৰুদ্ধ ,গতি স্থৱিৰ !
পুৱাৰ কাঁচিয়লি ৰ'দত উম লওঁতে
মৰমৰ কাইটিৰ বুকুত লাগিল নিঠুৰৰ আঘাত !!
হেৰাই যায় পৃথিৱীৰ ৰূপ-ৰং-ৰস !

তথাপি , সময় গতি কৰিছে
নিৰৱ, নিৰৱিচ্ছিন্ন ভাৱে 
আজি আমাৰ কণ্ঠত উদ্গৰিত আগ্নেয় লাভা
দু-চকুত বিপ্লৱৰ অগ্নি-বৰ্ষণ-------
পুৰণি পৃথিৱীৰ স্পন্দন-হীন দেহত 
 প্ৰাণ সঞ্চাৰ কৰিবলৈ আমি দৃঢ় প্ৰতিজ্ঞ !

যুগে-যুগে অতিকে' চেনেহৰ পৃথিৱীত সংহাৰ কৰা
   দুষ্কৃতিকাৰী , শোষক, বিভেদ-কামী শক্তিক
 দপ্ দপ্ কৈ জ্বলি থকা মেজিৰ জুইত দাহ কৰিমেই  
সময় বৰ নিষ্ঠুৰ ! সময় বৰ নিষ্ঠুৰ!!
সময় গতি কৰিছে নিৰৱ নিৰৱিচ্ছিন্ন ভাৱে ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)