মই ভাল লেখকো হ'ব নোৱাৰিলোঁ

©Admin
0
এগৰাকী সফল লেখক হোৱাটো সহজনে বাৰু ? কলম আৰু মগজু কিমান তীক্ষ্ণ হ'ব লাগিব । সেই কলমৰ পৰা দহৰ মঙ্গল হোৱাকৈ বাৰ্তা ওলাব লাগিব । অভিজ্ঞতাৰ সমলেৰে গঢ়া তেখেতৰ জীৱনৰ বাস্তৱ অবাস্তৱ , কল্পনা , চিন্তা আদিৰ সমস্ত কথাবোৰ নিগৰি যেতিয়া সৰ্বস্ব সমৰ্থন প্ৰাপ্ত হ'ব তেতিয়া তেখেত এগৰাকী সফল লেখক হ'ব পাৰিব । আজিৰ দিনটোত পঢ়ন আৰু লিখনৰ লগত জড়িত সকলো ব্যক্তিয়ে চিন্তা কৰে , লিখে , লেখাবোৰ দুই এজনে উৎসাহ জনক মন্তব্য নিদিয়াকৈ ও নাথাকে । সেই মন্তব্যত লেখক গৰাকীয়ে কৰ্মত জোৰ পায় । মনোবল বাঢ়ে পৰবৰ্তী সময়ৰ বাবে । হয়তো তেতিয়াই জন্ম হ'ব পাৰে এজন প্ৰসিদ্ধ লেখকৰ  ।
    'আদাক দেখি উঠিল গা কেতুৰিয়ে বোলে মোকো খা' ৰ দৰে সেই যোৱাটো শতিকাৰ আশীৰ দশকৰ মাজভাগত কি জানো কীট এটাই মগজুত বাহ লৈছিল নিজৰ নামটো ছপা আকাৰত দেখা পোৱাৰ । সেই আপাহতে 'দুৰ্ভগীয়া' নামেৰে এটা কবিতা লিখিছিলোঁ , তাকো সাহিত্য সম্ৰাট লক্ষ্মীনাথ বেজবৰুৱাই কোৱাৰ দৰে কবিতা হয় যদি হওক নহয় যদি নহওক সেই ভাবি । প্ৰকাশৰ দায়িত্বত থকা সকলে চালি জাৰি চাই প্ৰকাশৰ তুলাচনীত জুখি মাখি পঢ়াশলীয়া আলোচনী 'কিৰণ'ত প্ৰকাশ কৰিছিল । সেই কিৰণ হেলনীয়াকৈ মোৰ গাত পৰাত নিজকে লেখক অথবা কবি বুলি ভাবিবলৈ ধৰিলো । তাতেই আকৌ কিন্তু এটা থাকি গ'ল । মই বাৰু লেখক হ'ব পাৰিলোনে ?  তাৰ পিছত কলেজৰ আনন্দৰ দিনবোৰতো কিবাকিবি কৰিলো দুই এটা । লেহেমীয়াকৈ স্থানীয় আৰু বাহিৰৰ সংঘ সংস্থা আদিৰ মুখপত্ৰ , স্মৰণিকা আদিত এই মুৰখমতীৰ কলমৰ পৰা নিগৰি ওলোৱা শব্দবোৰে স্থান দখল কৰিবলৈ ধৰিলে । বিজ্ঞ সকলে কয় মানুহৰ মগজুতো একে ঠাইতে ৰৈ নাথাকে । সদায়েই নতুনৰ পম খেদি ফুৰে । নতুন চিন্তাৰ উদ্বেগ কৰে । তাৰ বাবেই কিজানি মোৰ চিন্তাই স্থানীয় পৰিধি নেওচি বাহিৰলৈ ওলাই আহিবলৈ ধৰিলে । তাৰ ফলস্বৰূপে বিভিন্ন সময়ত বিভিন্ন উপলক্ষত বিভিন্ন ঠাইৰ পৰা প্ৰকাশ পোৱা আলোচনী সমূহত মোৰ লেখা সমূহ দুই এটাকৈ প্ৰকাশ পাবলৈ ধৰিলে । অসমৰ পুৰণি আলোচনী 'বৰদৈচিলা'ত কেবাটাও লেখা প্ৰকাশ হোৱাৰ লগতে তাত দুবছৰ সহযোগী সম্পাদক হিচাপে আছিলোঁ । সম্পাদনা কৰিছিল সাহিত্যিক , সাংবাদিক শিৱপ্ৰসাদ বৰুৱাই । সেয়া আছিল মোৰ বাবে বৃহৎ প্ৰাপ্তি । তাৰ পিছত অসমৰ বহুল প্ৰচলিত দৈনিক বাতৰি কাকত দৈনিক অসম , প্ৰতিদিন , দৈনিক অগ্ৰদূত , লগতে মাহেকীয়া আলোচনী বাৰ্তাপখিলী , তৃষ্ণাতুৰ , সাদিন , পূৰ্বাচল , সম্ভাৰ আদিতো হোৱাই নোহোৱাই দুই এটা লেখা প্ৰকাশ পাইছিল । তথাপিও আজিলৈ দেখোন মই নিজকে লেখক হিচাপে প্ৰতিষ্ঠা কৰিব নোৱাৰিলোঁ । দুখো লাগে কেতিয়াবা । সেয়ে কওঁ মই আজিলৈ ভাল লেখক হ'ব নোৱাৰিলোঁ । সময়বোৰ অবিৰাম গতিত পাৰ হৈ গৈ থাকিল । মোৰ মনটো য'ত ত'ত ঘূৰি ফুৰিবলৈ ধৰিলে । দক্ষিণ কামৰূপৰ পৰা প্ৰকাশ পোৱা কবিতাৰ আজিলৈকে একমাত্ৰ সদস্য ভিত্তিত  দুমহীয়া আলোচনী 'কল্পদ্ৰুম' ৰ মই সদস্য হ'লো । সেই আলোচনী খনৰো ধাৰাবাহিক ভাৱে কবিতা প্ৰকাশ পাইছিল । এই আলোচনীখনৰ সদস্য বৰ্তমান সমগ্ৰ অসমতে বিস্তৃত হৈ আছে । মাজে মাজে অসমৰ বাহিৰৰ লেখকৰো লেখা পায় । এই আলোচনীয়ে প্ৰতি বছৰে কেইগৰাকীমান কবিক কবি কল্পদ্ৰুম নামেৰে বঁটা প্ৰদান কৰি আহিছে । এই অভাজনেও বিগত ২০০৯ বৰ্ষত কবি 'কল্পদ্ৰুম-২০০৯' ৰ খিতাপ লাভ কৰিবলৈ সক্ষম হৈছিলো । এইবাৰ আমিও মৰসাহ কৰি 'প্ৰেৰণা' নামেৰে এখন তিনিমহীয়া ভিন্ন স্বাদৰ আলোচনী জন্ম দিছিলো । তাত মই মুখ্য সম্পাদকৰ দায়িত্ব পালন কৰিছিলোঁ । তাৰ সমান্তৰালকৈ 'সৰস' নামেৰে আন এখন মাহেকীয়া আলোচনী প্ৰকাশ পাইছিল তাত মই কাৰ্যবাহী সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিলোঁ । দুখৰ বিষয় বৰ্তমান দুয়োখন আলোচনী মৃত । তাৰ পিছৰ পৰাই লিখিবলৈ অন্তৰত ভয়ৰ সঞ্চাৰ হৈছিল । ভাৱ হয় মোৰ লেখা সমূহ বাৰু সঁচা অৰ্থত লেখা হৈছেনে ? সেয়ে ভাবিছোঁ পাঠকে যদি আদৰা নাই তেন্তে মই ভাল লেখক হ'লো কেনেকৈ ? বোধহয় পৰা নাই । এইবোৰ বিষয়ত পাগল বাবে সময় খৰছ কৰি ঘূৰি ফুৰোঁ । তাৰ বাবে ইয়াত জন্ম দিছিলো 'শাশ্বত কবিচক্ৰ' নামেৰে এটা কবিতাৰ অনুষ্ঠানৰ আৰু সদস্য হ'লো আন এক সাহিত্য অনুষ্ঠানৰ যাৰ নাম "দক্ষিণ কামৰূপ সাহিত্য মঞ্চ" । এই অনুষ্ঠানৰ পৰা মোৰ কবিতাৰ পাণ্ডুলিপি এজন হৃদয়বান মানুহৰ সন্ধানৰ বাবে প্ৰয়াত হৰিচৰণ ভৰালী সোঁৱৰণী প্ৰথম পুৰষ্কাৰ লাভ কৰিছিলোঁ । পলাশবাৰী সাহিত্য সভাৰ সদস্য , হৈ থাকি কি কৰিলো ক'ব নোৱাৰোঁ সেয়া সময়ে বিচাৰ কৰিব । 
     এটা কথা ক'বলৈ ৰৈ গৈছিল সেয়া হ'ল মনালিছা লিংদৌৰ চহৰ মেঘালয়ৰ পৰা দুৰ্গাপূজাৰ বতৰত প্ৰকাশ পোৱা বাৰ্ষিক আলোচনী 'ৰূপাঞ্জলী'ত ধাৰাবাহিক ভাবে ২৭ বছৰ ধৰি লেখা প্ৰকাশ পাইছে । তাৰ বাবে মই গৌৰৱান্বিত । তাৰ পিছত ছেগা-চোৰোকাকৈ কলম নিগৰাই আছোঁ । একেবাৰে শেহতীয়াকৈ অসমৰ প্ৰথমখন দৈনিক ই আলোচনী 'অসমীয়া সাহিত্যৰ চানেকি'ৰ লগত জড়িত হৈ বৰ্তমানে উপদেষ্টাৰ পদত থাকি বিগত দুটা বছৰে কিবাকিবি কৰি আছোঁ । তাৰ পিছতো কিন্তু ভাল লেখক হ'ব নোৱাৰিলোঁ ।


✍️হেমেন হাজৰিকা
      ৰাণী কাহিকুছি
      কামৰূপ অসম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)