খণ্ডহৰ-অজয় লিম্বু

©Admin
0
                এক
কাহিনীবোৰ ভূমিকম্প দৰে!
মনৰ বাহিৰ ভিতৰ অন্তৰাত্মা কপাঁই তোলা।
     ঘটনাটো কৰ পৰ কি হল আঘোনীয়ে ততকে ধৰিব নোৱাৰিলে । এনেই সময়বোৰ ভাল নহয় । কৰণা ভাইৰাছ নে কি? আঘোনিয়ে এইবোৰ কস্মিনকালটো নুশুনা শব্দ।তেনেহময়ত কমলৰ কথা আঘোনীৰ বাবে ভূতৰ ওপৰত দানহ পৰাৰ  নিচিনা হল।
তাকো ;এনে অসময়ত! লক্ডাউনে চেপি জুৰুলা কৰা সময়ত??
লক ডাউনৰ বাবে সৰ্বত্ৰ বন্ধ।কলৈকে ওলাই যাব নোৱাৰি। তথাপি গাওঁৰ কথা বেলেগ। নহলেচোন যতীনহতৰ নিচিনা দুখীয়া বোৰৰ চলিবলৈকে দিগদাৰ হলহেতেন।
যি হলেও বাৰিৰ পাচলিকেকেইটা বিক্ৰী কৰি চলিবলৈকে হৈছে।যোৱা কেইদিনমান ধৰি ,পুৱা শুই উঠাৰ পিছত বাৰীৰ পাচলি যত যি আছে চিঙি আনি যতীন শুই উঠাৰ আগতে উলিয়াই দিয়া কাম আঘোণীৰ, সেইখিনি চাইকলত নি ঘৰে ঘৰে  বিক্ৰী কৰা কাম যতীনৰ। কেতিয়াবা এমুনা কেতিয়াবা দুমুনা। প্ৰথম কেইদিন এইবোৰ কৰি যতীনে অলপ সমস্যাত পাৰিছিল নে? ওচৰৰ মঙ্গলবাৰ বজাৰত গৈ পাচলি বিক্ৰী কৰাটো আৰু ঘৰে ঘৰে বেচাটো একে জানো? বৰ দিগদৰ । বৰ দিগদাৰ। জীৱন স্তব্ধ হওঁ হওঁ কৰে।তথাপি যতিনে হাৰ নামানে।
 অন্য উপায়ো নাছিল।
অবশ্য  সি মদ বেচিব পাৰিলহেতেন।
বেছ লাভ হয়।
কথাটো সি নভবাও নহয়।
কিন্তু পুৰণি কথা এটা মনত পৰাত মদ বেচাৰ পৰিকল্পনাত সি আগনাবাঢ়িলে।
    আগতে এবাৰ মদ  বনোৱাৰ ইত্যাদি সমগ্রী যোগাৰ কৰি হৈছিল এথোন তেনেকুৱাতে  ডেকা বাবুৰ কথাত পতিয়ন গৈ যতীনে মদ বেচাৰ কথা বাদ দিব লগা হৈছিল।
ডেকা বাবুৰ  কথাত সঁচাই যাদু আছিল। নহলেনো যতীনে ডেকা বাবুৰ  কথাত কিয় পতিয়ন গলহেঁতেন?
ডেকা বাবু সামাজিক দায়বদ্ধতাৰে আৱদ্ধ মানুহ।খুব পৰিশিলিত।অইনকো তেওঁৰ সহযাত্ৰী কৰি লব বিচাৰে।
কাৰ্ল মাৰ্ক্স, মাও চে তুং, শ্ৰেণী সংগ্ৰাম, যতীনে কস্মিনকালতো নুশুনা কথাবোৰ ডেকা বাবুৰ মুখত শুনিবলৈ পায়।     
                 দুই
                        
   মেজালি পৰুৱা নে তেনেকুৱা কিহবাৰ কামোৰত আঘোণী   হুৰ মূৰাই উঠে।তেনেকৈ ভাবি ভাবি কিমান সময় গুচি গল আঘোণীয়ে গমেই নাপালে। মানুহটো ইমান পৰেও নহা দেখি আঘোণীয়ে পিৰালিখনতে বহিবলৈ লৈ কিবা  ভাবি থাকে। সৰুটোৱে  ভিতৰত অনলাইন ক্লাছ নে কিবা কৰি আছে । সি দিগদাৰ পাব পাৰে বুলি আঘোণীয়ে তাক মাত দিয়া নাই।মাথো অলপ আগতে বৰুৱাৰ ডাঙৰ লৰা কমলে কৈ যোৱা কথাখিনি আঘোণীৰ কাণত  ৰিনি ৰিনি   বাজি থাকে  'পেহি সুৰজ দাই ছোৱালী পলুৱাই আনিছে দেই । এতিয়া দুয়ো গাঁৱৰ সীমূৰৰ বলে নেপালীহঁতৰ ঘৰত আছে।মোক কবলৈ পঠাইছে। মই যাওঁ দে।'
তাৰ কথাবোৰ কৈ হল কি নহল?
আঘোণীয়ে  শুনি পালেনে নাপালে তালৈ ভ্ৰখেপ নকৰি সি বাইকত উধাও হল।
চোৱালীজনিৰ কত ঘৰ? কি কথা? কি জাতৰ??এইবোৰ একো শুধিবলৈকে নহল নহয় ।
জাত পাতৰ কথাত আহি আহি আঘোণী আকৌ  ৰৈ গল।
তাইৰ হবলগীয়া বোৱাৰি জনি অজাতিৰ হব নেকি? অসম্ভব।
 নাই নাই এইবোৰ হবলৈ দিব নোৱাৰি।তাৰ আগতে লেথা গুচাই দিয়াই ভাল।
যি হলেও গাঁওখনত তাহাঁতৰ কিবা  এটা বেলেগ স্থান  আছে। অৱশ্যে বিকাশ মেট্ৰিক পাছ কৰাৰ আগৰ কথা বেলেগ!আজিৰপৰা কেইবছৰ মানৰ আগৰ কথা। সুৰজে মেট্ৰিক ফেইল কৰাৰ ঠিক দুবছৰ পিছতে বিকাশে মেট্ৰিক দিছিল।তাৰ পৰীক্ষা আশা কৰা ধৰনে ভাল হোৱা নাছিল যদিও তাৰ ৰিজালটক লৈ স্কুলৰ শিক্ষক, গাঁওবাসীৰ লগতে পৰিয়াল গৌৰম্বিত হৈছিল।বিকাশে চাৰিটা বিষয়ত লেটাৰ সহ দিষ্টিংচন পাবলে সক্ষম হৈছিল। বিকাশৰ ৰিজালটে  তাহাঁতৰ সৰু জীৱনলৈ গতি আনি দি দিছিল।
পিছৰখিনি ইতিহাস!
সুৰজৰ বাহিৰে ঘৰৰ সকলোকে গাঁওৰ লোকে সিহঁতক  সমিহ কৰি চলা হল। গাওঁত বিয়া সবাহত  গলেও সকলোৱে
আদৰ সাদৰ কৰা হল। সকলোৱে সন্মানৰ চকুৰে চোৱা হল।  আঘুনিয়েও আগৰ দৰে যাৰ তাৰ ঘৰত হাজিৰা মাৰিবলৈ নোযোৱা হল ।বিকাশৰ বৃত্তিৰ টকাৰে গঢ়া চাহৰ   পইছাৰে ঘৰখন চলিব পৰা হল।
সময়বোৰ সলনি হল।
মাথো সুৰজ বোলাটো সলনি নহল।
 আগৰ দৰে।
                         তিনি
চাল্লা কুকুৰ!অবাইচ।
সু.....নি!অবাইচ।
লে...ৰা ! কে.....লা।
কাতি দিম !শেষ কৰি দিম।
কি ভাবিছ?
তই মোৰ নজৰৰ পৰা আঁতৰ হবি। আজিয়ে গুচি যা....।
গোটেই বছৰে পঢ়ি ৩০ নম্বৰ পাব নোৱাৰ?
খালি।মোৰ ইজ্জত শেষ দি দিলি। কাৰোবাক মৰাৰ শব্দ। আঘোণী আৰু বিকাশৰ বুজিবলৈ বাকী নাথাকিল।
সুৰজে মেট্ৰিক ফেল কৰিছে।

সি কৰা অপৰাধৰ  উচিত শাস্তি হিচাপে সূৰুযেও একান্তচিত্তে সহ্য কৰি গৈ থাকে। কোনো বিদ্ৰোহ নকৰাকৈ।সি আগতে জানিছিল তাৰ পক্ষে সেইটো সম্ভব নহব।তাৰ পিছত সূৰয ঘৰলে বৰকৈ নহা হল।সিদিনাৰ ঘটনাৰপৰা খুব হীনমান্যতাত ভুগিবলে লয়।সি মাজে সময়েহে ঘৰলৈ অহা হল।দিনত বাগানত কাম কৰে।ৰাতি হলে ৰমেশদাৰ লগত মদ বেচিবলে লয়। তাতে থাকিবলৈ লয়।ৰমেশ দাই তাক বুজাবলৈ চেষ্টা কৰে।মদ বেচা কামটো বৰ ৰিস্কি কাম ।হীৰেন তপাই স্কুলৰ ঘণ্টা বজোৱাৰ নিচিনা মদ বেচা কামটো উজু নহয়। যদিও  সি ৰমেশদাৰ কথাত  পতিয়ন নাযায়।সুৰজৰ এনে অধাগতি দেখি ৰমেশে তাৰ কাৰণে উপাই এটা বিচাৰি পায়।খাটিব জানিলে বেছ ভাল উপায়েই হব।
সুৰুযে কথাটো দলিয়ায় দিয়া নাই।
পিছে কামতো কি জানিব বিচাৰে?
কামতো ভাল। পিছে কামটো ইয়াত নহয় ।চেন্নাইত কৰিবগে লাগিব।
সুৰজৰ  মাত হৰে।
অৱশেষত তাৰ যোৱাটোয়ে হয়।
চিকিউৰিটি গাৰ্ডৰ চাকৰি।পইচা আছে। অলপ কষ্ট হবই।পইচা পাতি যত যি, তাৰ যোগাৰ ৰমেশ দাই কৰিব।
মাথো যাবৰ সময়ত ঘৰত দেখাটো দি আহিলেই হল। বিদায় পৰত মাকে তাৰ হাতত টকা কেইটামান গুজি দিওঁতে চকু‌ হেমেকি আহিছিল।
ভায়েকক সাবট  মাৰি কৈছিল..'তই পাৰিব লাগিব।। মোৰ দৰে হলে নহব।
নহলে দেউতাই কষ্ট পাব।ʼ
যাবৰ সময়ত সুৰজৰ বাপেকক দেখা কৰা নহল।
                           চাৰি
                       
আকৌ আঘোনিৰ ভাব হয় ছোৱালীজনী নিজ জাতৰো হব পাৰে! ছে!কিনো দুশ্চিন্তাবোৰ  কৰি থাকে। আঘোণীয়ে কথাবোৰ এতিয়াহে জুকিয়াই চালে।এনে অসময়ত, মহামাৰীৰ বেলাত, পুতেকে লোকৰ ছোৱালী পলুৱাই অনা কথাটো আঘোণীয়ে কোন হতেৰেনো ভাল পায়?  হওঁতে ঘৰত বোৱাৰী এজনীৰ অভাৱ অঘোনিয়ে অনুভৱ কৰিয়ে থাকে।এই সদ্য ৪৭ বছৰীয়া মানুহজনীয়ে পাক ঘৰৰ সকলো কাম কৰাৰ উপৰি বাগানৰ পাত ছিঙা মেলা কৰা কামটো অঘুনিৰ পক্ষে বৰ কষ্টকৰ। আদি  মাজতে কেইবাৰমান যতিনৰ লগত কথাটো খোলোচা কৰি চাইছিল।পিছে যতীনে ইমান আগ্ৰহ নেদেখুৱাত কথাটো তল পৰি ৰয়। 
এতিয়া মূল কথাটোনো কেনেকৈ  যতীনৰ কান চোৱাব অঘোনিয়ে তাকে ভাবি থাকে । 
তেনেকুৱাতে সিফালৰপৰা কোনোবা অহাৰ শব্দ।অলপ সময় কাঁহ পৰি জিন জোৱাৰ পৰিবেশ। আঘোনীৰ অন্থ কণ্ঠ শুকাই যায়। কিনো কব আঘুনিয়ে ভাবি নাপাই।
তেনেকোৱাতে  যতীনে কয় -
'ভালেই হল বুইছ।এই বুঢ়ী বয়সত তইনো কিমান কষ্টখন কৰি থাকিবি আৰু?  এতিয়াৰ পৰা তই পাকঘৰৰ কামৰপৰা ৰেহাই পাবি।ভালেই হব দে। বোৱাৰীয়ে ভিতৰৰ কামখিনি চাব তই বাহিৰৰ।
তাৰ মানে যতিনে কথাটো গম পাই আহিছে । আঘোনীৰ পক্ষে কামতো সহজ হল। অঘোনিৰ বুকুত কিহবাই জোঁকাৰি যোৱাদি কৰে ।       
                      পাঁচ
জলাই দিম। ......শেষ কৰি দিম।.....
কাটি দৈয়াংত উটুৱাই দিম।চিনি পোৱা নাই বাপেৰক। ৰে..... দী।সেইটো যে মোৰ হবই নোৱাৰে । কোনো পধ্যে?? তই মোৰ নজৰৰ পৰা আঁতৰ হবি। ধাম... ধাম...! যতীনৰ চুলি আগ পায়।বিকাশে কাণত এয়াৰ ফোন গুজি লয়। ক্ৰমশঃ সুৰুজৰ বকনিবোৰ বাঢ়ি গৈ থাকে।কোঠাটোৰ ইটো চুকত আঘোনীয়ে বোৱাৰীয়েকক সান্তনা দি থাকে।মাজে সময়ে মৃদু সুৰত বোৱাৰীয়েকৰ মাত ভাঁহি আহে ... ‘যামগৈ ।কাইলেকে যাম । নাথাকো এইখন ঘৰত।। ইমান অপমান সহ্য কৰিব নোৱাৰি আৰু?
ঘৰখনত অন্তক্ৰণ্ডল বাঢ়ি আহে । মানসীৰ পেটত বাঢ়ি অহা পানী কেঁচুৱাটোৰ দৰে। কোনো ফালে নিমিলে।কিবা মাৰ্কুয়েজৰ সাধুটোৰ নিচিনা।
             ছয়
লকডাওনবোৰ শিথিল হৈ আহিছে। যতীন-আঘোণীহঁতৰ নিচিনা ক্ষুদ্ৰ খেতিয়কৰ জীৱনলৈ পুনৰ আশাৰ ৰেঙনী বিৰঙিছে। সিহঁতৰ দৰে অন্য দুখীয়া ক্ষুদ্ৰ খেতিয়কক হিমন্ত চৰকাৰে সাহায্য আগবঢ়াইছে। বিকাশহঁতৰ কলেজ  খোলাৰ জাননী আহিছে। লকদাউনৰ কেইদিন প্ৰকৃতিয়েও উশাহ সলাব পাৰিলে।কি যে যন্ত্ৰণা। উহঃ।
 যেন জীৱনবোৰ  পুনৰ ঘূৰি আহিছে। সূৰুয আৰু মানসীক বাদ দি।

✍️অজয় লিম্বু, ডিব্ৰুগড় বিশ্ববিদ্যালয়

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)