সময়ৰ চাকনৈয়াত ।
কেৱল মাথোঁ জীয়াহীন বাস্তৱ ছবি একোখন
জিলিকি ৰৈ যায় মনৰ কেনভাচত ।
যি বাটে আজি খোজ লয়
সেই বাটে কাহিনী আগুৱাই,
মাথোঁ স্মৃতিহে গচকি যায় ।
এধানি মাহীৰ হাঁহি আজি
সুখবোৰ, গুপুতে গুপুতে হেৰাল ।
বিষাদৰ বাঁহীত সেয়ে আজিও
কম্পিত সুৰে
ঠিকনা কেনি সোধে.... ?
উত্তৰত কৈ যাম
বিষাদগ্ৰস্ত মোৰ সুখৰেই দিন ।
অস্তাচলত পাবা মোৰ শেষ ঠিকনা,
ব্যৰ্থতা,কোলাহল,আৰ্তনাদৰ ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ