আজি পাঁচ বেছি
পঞ্চাশটা বসন্তটো
একেই থাকিল ।
ধুমুহা
গাজনি
বজ্ৰপাত
শিলাবৃষ্টিয়েও
টলাব নোৱাৰা
এজোপা বটবৃক্ষ ।
দুখ কৰিবলৈ নাই
হাঁহিবলৈও নাই
গতি জীৱনৰ
সৰল ৰৈখিক
আজি যিটো মোৰ
কালিলৈ তোমাৰ ।
সেই ভাৱে
ৰৈ থাকিল ছাঁটো ।
দীঘল ও নহ'ল
নহ'ল চুটি ।