শিমলুগুৰিৰ এজাক বৰষুণে প্ৰেমক সজীৱ কৰিলে-ৰুমী কলিতা দত্ত

©Admin
0
মানৱীৰ প্ৰেমে সফলতা লাভ কৰিব নোৱাৰিলেও তাই কিন্তু পলাশক কোনোদিনেই পাহৰিব পৰা নাছিল । মানৱীয়ে বহু আশা বুকুত বান্ধি ৰাখিছিল যদিও ঘৰুৱা পৰিস্থিতিৰ বাবেহে তালৈ অপেক্ষা কৰি থাকিব নোৱাৰিলে।  পলাশেও ঘৰৰ মানুহবোৰক ফাঁকি দি মানৱীক বিচাৰি আহিব নোৱাৰে যদিও দুই-এখন চিঠি দি তাইৰ খবৰ বিচাৰে । কিন্তু মানৱীয়ে মাতৃৰ বিয়োগৰ পিছত নিজৰ সঠিক ঠিকনা হেৰুৱাই পেলাইছিল সেয়ে তাই সময়মতে চিঠিবোৰ পোৱা নাছিল ।
দুই-এখন চিঠি লগৰ ছোৱালী এজনীয়ে সাঁচি থোৱাত কেতিয়াবা ঘৰলৈ আহিলে পঢ়িবলৈ পাইছিল ।
কোনোবা এখন আকৌ তাইৰ ককায়েকে লুকুৱাই থোৱাৰ পৰা বিচাৰি উলিয়াই দিছিল ।  ইজনে-সিজনক বৰকৈ দেখাদেখি হোৱা নাছিল যদিও মানৱীয়ে সেই প্ৰেমিকৰ কথা ভাবি ভাবিয়েই বহু প্ৰেমিকক তাইৰ কাষলৈ আহিবলৈ দিয়া নাছিল। এনেদৰে সময়বোৰ ক'বনোৱাৰাকৈ পাৰ হৈ গৈছিল । তাই বৰ আশা আছিল যে পলাশক সময়মতে লগ নাপালেও স্নাতক বৰ্ষৰ পৰীক্ষাতেই লগ পাব , সি তাইক লগ কৰিবলৈ আহিব ।
গতিশীল সময়বোৰে ক'ৰবালৈ উৰা মাৰিলে কিন্তু তাই পলাশক দেখা নাপালে ।
অৱশেষত স্থিৰ কৰিলে সিঁহতৰ সমন্ধীয় এজন যেতিয়া তাইৰ প্ৰেমত পৰিছেই তাকে তাই জীৱনসংগী কৰি ল'ব  , হয়তো তেতিয়া পলাশক এদিন হ'লেও দেখা পাব । ভবামতেই সকলো হ'ল যদিও  তাইৰ পলাশক এষাৰ মাত দিব পৰাকৈ শক্তিবোৰ যেন ক'ৰবাত  হেৰাই গ'ল। তাইৰ বিয়াৰ খবৰ পাই পলাশ ভাগি পৰাৰ খবৰ পোৱাৰ লগে লগে মানৱী শিঁয়ৰি উঠিছিল , তাই নিজৰ ওপৰতে ধিক্কাৰ জন্মিছিল ।
এদিন কিবা প্ৰকাৰে পলাশৰ নম্বৰটো তাই সংগ্ৰহ কৰি আনিলে যদিও ফোন কৰাৰ সাহস গোটাবলৈ বহু সময় লাগিল ।  লাহে লাহে তাই এদিন -দুদিনকৈ সহজ হৈ পৰিল আৰু জীৱনৰ সমস্ত বিৱৰি ক'লে ।
          এদিন-দুদিনৈ দুয়োয়ে  আকৌ  মনৰ বতৰা ল'বলৈ ধৰিলে।
 মানৱীয়ে আজি তাক লগ পাবলৈ উৎকণ্ঠাৰে ৰৈ আছে বাছষ্টেণ্ডত...লগত তাইৰ দুয়োটি সন্তান ।   অৱশেষত তালৈ অপেক্ষা কৰি কৰি তাইৰ বাছত বহি ল'লেহি । পলাশ অহাৰ উমান নাপাই মানৱীৰ মনটো উদং হৈ পৰিল তাই যেন এতিয়াই নিজকে শেষ কৰি দিব তেনে লাগিল , কিন্তু তাইৰ লগত এতিয়া দুটি শিশু আছে তাই সিহঁতৰ জীৱন  গঢ়িব লাগিব । হঠাৎ হৰ্ণ বজাই বাছখনত ৰাওনা হ'ল গন্তব্যস্থানলৈ...।
তাই ল'ৰাকেইটাক কোঁচতে ভালদৰে বহুৱাই চকুহাল মুদি দিলে ...কিন্তু তাইৰ মৌনতা ভাঙিবলৈ ফোনটো বাজি উঠিল...ক্ৰিং...ক্ৰিং
হেল্ল' তুমি ক'ৰ পালাগৈ ?
মই বাইকত গৈ আছোঁ শিমলুগুৰিতে নামি দিবা !
তাই হতবাক ...
বাছখনৰ পিছলৈ ঘুৰি চাবলৈ যত্ন কৰিলে
নাই একো নেদেখি ।
এজাক বৰষুণহে আহিল দেখোন !
সি মিছাকৈ ক'লে নেকি বাৰু মনে মনে ভাবিলে ।

                 আকৌ ফোন এটা কৰোঁ বুলিও তাই থমকি ৰ'ল , তাই জোৰ কৰি তাৰ মন জয় কৰিব নোৱাৰে । যদি সিহঁতৰ প্ৰেম সঁচা আছিল সি নিশ্চয় আহিব বুলি ভাবিবলৈ ল'লে ।
কথাবোৰ ভাবি ভাবি যথাস্থানত তাই নামিলহি আৰু তাই  বৰষুণৰ পৰা হাত সাৰিবলৈ  দোকানৰ বাৰাণ্ডা এখন বিচাৰি ল'লে কাষত দুয়োটি ল'ৰা লৈ ।
  বৰষুণজাকত তিতি জুৰুলি জুপুৰি দেহাৰে হেলমেত পৰিহিত এজন মানুহ তাইৰ ওচৰতে ব্ৰেক  মাৰিলেহি ...তাই অলপ পিছহুহুকি গ'লেও তাই কিন্তু তাক চিনি পোৱাত বাধা নপৰিল ।#
হয় , হয় ...
এইয়াই তাইৰ পলাশ ...!
 বহু আশাৰ , বহু সপোনৰ ...
তাই আঁচলেৰে  তাৰ মুখখন মচি দিবলৈ মন গৈছিল যদিও তাই থমকি ৰ'ল কাৰণ তাই  যে এতিয়া বিবাহিতা নাৰী ।
বহু অপেক্ষাৰ অন্তত ইজনে সিজনক দুচকুৰ ভাষাৰে, মৌনতাৰে বহু কথা কৈ গ'ল বহুপৰলৈ ...।
সাক্ষী হৈ ৰ'ল মাথোন  শিমলুগুৰিৰ এজাক বৰষুণ ।
                 *****************

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)