যুৱ উচ্ছৃঙ্খলতা | পুৰুষোত্তম পেগু

যুৱ উচ্ছৃংখলতা হৈছে বৰ্তমান সমাজৰ এক গুৰুত্বপূৰ্ণ সামাজিক সমস্যা। যুৱ উচ্ছৃংখলতা কেৱল এখন নিৰ্দিষ্ট ৰাজ্য বা দেশতে সীমাবদ্ধ নহয়। ই সমগ্ৰ বিশ্বতে সাম্প্ৰতিক যুৱক সকলৰ মাজত যথেষ্ট প্ৰভাৱ পেলাইছে। আমি জানো যে যুৱ শক্তিয়েই এখন সমাজক ধৰি ৰখা ক্ষেত্ৰত যথেষ্ট গুৰুত্ব আৰোপ কৰে।
            সামাজিক মাধ্যমৰ দ্ৰুত বিকাশে আজিৰ যুৱ চামৰ মাজত নেতিবাচক প্ৰভাৱ পেলাইছে। বৰ্তমান সমাজৰ উঠি অহা যুৱ প্ৰজন্মই সমাজত পৰম্পৰাগত ভাবে চলি অহা প্ৰমূল্য সমূহক মানসিক ভাবে গ্ৰহণ কৰিব নোৱাৰে। যেতিয়া যুৱক সকলে উপলব্ধি কৰে যে এই প্ৰমূল্য সমূহে তেওঁলোকৰ বাবে অনিষ্টকাৰী , বিৰক্তিকৰ আৰু নিষ্ফল বুলি ভাবে তেতিয়া তেওঁলোকে সমূহীয়া বাবে অসন্তুষ্ট প্ৰকাশ কৰে, তেতিয়া যুৱ চামৰ মাজত উচ্ছৃংখলতা সৃষ্টি হয়। যুৱ উচ্ছৃংখলতাৰ দৰে সামাজিক সমস্যাৰ বহুতো বৈশিষ্ট্য পৰিলক্ষিত হোৱা দেখা যায়।যেনে :( ১) সমূহীয়া অসন্তুষ্টি ,(২) দুষ্ক্ৰিয়াত্মক সমস্যা , প্ৰমূল্য সমূহৰ প্ৰতি বিৰক্তি মনোভাৱ ইত্যাদি। এনেধৰণৰ মনোভাৱৰ দ্বাৰা বৰ্তমান যুৱ চামৰ শৃংখলতাত বিৰক্তি বা অসন্তুষ্টি ভাৱ জাগি উঠিছে। 
                  যুৱ উচ্ছৃংখলতাৰ দৰে সামাজিক সমস্যাত জড়িত হোৱাৰ বহুতো কাৰণ দেখা গৈছে। যিবোৰ কাৰণৰ বাবে আজি যুৱ শক্তিয়ে যুৱক সকলৰ মাজত থাকিবলগীয়া একাগ্ৰতা, শৃংখলাবদ্ধতা আদিৰ পৰা বিশৃংখল হোৱা দেখা গৈছে। এনে কাৰণ সমূহৰ ভিতৰত: অসম্পূৰ্ণ সামাজিকীকৰন প্ৰক্ৰিয়া, ৰাজনৈতিক, সামাজিক আৰু অৰ্থনৈতিক অসমতা ,আসোঁৱাহ পূৰ্ণ শিক্ষা ব্যৱস্থা, নিবনুৱা সমস্যা, দুৰ্নীতি আদি। 
          সামাজিকীকৰণ প্ৰক্ৰিয়াৰ জৰিয়তেই শিশুসকলক সমাজত প্ৰচলিত প্ৰমূল্য সম্পৰ্কে অৱগত কৰোৱা হয়। সামাজিকীকৰন প্ৰক্ৰিয়াই শিশুসকলক সামাজিক প্ৰমূল্যৰ প্ৰতি সচেতন হোৱাৰ ক্ষেত্ৰত সহায় কৰিব নোৱাৰে। ফলত শিশুসকলে ডাঙৰ হৈ যেতিয়া যুৱক হ'বগৈ তেতিয়া নৈতিক প্ৰমূল্যৰ প্ৰতি গুৰুত্ব নিদি অসামাজিক কাৰ্যত লিপ্ত উচ্ছৃংখল আচৰণ প্ৰকাশ কৰে। বৰ্তমানৰ সমাজ ব্যৱস্থাত ৰাজনীতিয়ে যথেষ্ট প্ৰভাৱিত কৰিছে। ৰাজনীতিত জড়িত নেতাৰ কু-প্ৰভাৱৰ বাবে এচাম যুৱকে যোগ্যতা থাকিও নিজৰ প্ৰাপ্য খিনিৰ পৰা বঞ্চিত হোৱাৰ বিপৰীতে অন্য এচাম যুৱকে দক্ষতাৰ অবিহনে অতি সহজ নিযুক্তিৰ সুবিধা গ্ৰহন কৰিছে। ঠিক সেইদৰে অৰ্থনীতি ক্ষেত্ৰতো সমবিতৰন দেখা পোৱা নাযায় ফলত যুৱকসকলে উচ্ছৃংখলতাৰ দৰে পথক বাচি লৈছে।
               বৰ্তমান কালত নিবনুৱা সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। নিৰাশা, মানসিক তথা শাৰীৰিক দুৰ্বলতাই নিবনুৱা যুৱকসকলক ভাৰসাম্য হেৰুৱাৰ বাবে উদগনি দিয়ে। তেওঁলোকে আনকি কৰিব পৰা সামৰ্থ্যৰো বিলুপ্তি ঘটে। এনে ক্ষেত্ৰত তেওঁলোকে অসামাজিক কাৰ্য অৰ্থাৎ উচ্ছৃংখলতাৰ পৰিণত হয়।
                   এইদৰে বৰ্তমান উঠি অহা যুৱসকলৰ মাজত বিভিন্ন সমস্যাই দেখা দিয়াৰ বাবে এনে উচ্ছৃংখলতাত ভৰি দিছে। এনেধৰণৰ যুৱ উচ্ছৃংখলতাৰ দৰে সমস্যাক সমাজৰ পৰা দূৰ কৰিবৰ বাবে বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। এনে ক্ষেত্ৰত শিক্ষা ব্যৱস্থাটোক এক প্ৰনালীবদ্ধ ৰূপ দিয়াটো প্ৰয়োজন । ছাত্ৰ সকলৰ অভিজ্ঞতা আৰু শিক্ষাদান ব্যৱস্থাৰ মাজত সম্পৰ্ক স্থাপন কৰাৰ ওপৰত গুৰুত্ব দিয়াও আৱশ্যক।




Post a Comment

Previous Post Next Post