জিৰণি | দেৱ দাস

©Admin
0
"হেৰি কলিতানী শুনক চোন, খগেন নাথটো পগলা হ'ল যেন পাওঁ”!
     “ কিনো কয় হে? কিবা ঘটালে নেকি? হ'বও পাৰে দেই। ৰাতিপুৱাৰ পৰা ঘৈনীয়েকক আলপৈচান ধৰা, গা ধুৱাই দিয়া,মেখেলা পেটিকোট ধুই দিয়া, ৰান্ধি বাঢ়ি  খোওৱা ; ঘৰৰ বন কৰি তত্‌ নেপায়, ইফালে ডাক্তৰ ফাৰ্মাছি আছেই। ৰাতি আক্‌ সিটোপী  খাইহে ধেৰ-মেৰ দিয়ে।পগলা নহৈ পাৰে নে? কি দেখিলেনো আপুনি?"
   "কালি ৰাতি টৰ্চ লৈ বৰষুণত তিতি তিতি চোতালৰ পৰা কিবা বুটলি খাই ফুৰিছিল। মই নিজ ....”
      ৰাতিপুৱাই পুৱাই খগেন নাথৰ চুবুৰীয়া ডেকানী আৰু কলিতানীৰ মাজত  ‘গুদ মৰ্ণিং’ উইছ তেনেকৈয়ে হৈ গৈছিল।
      চিৰ ৰুগীয়া, আজি যাওঁ কালি যাওঁকৈ থকা পত্নীৰ  সৈতে ঘৰখনত প্ৰাণী দুটা । তিনি জনী ছোৱালীক বিয়া দিয়াৰ পিছত অপুত্ৰক মানুহটোৱে  অন্ততঃ মাত এষাৰৰ বাবেই ডাক্তৰে আশা এৰা মানুহ জনীক যি কেইদিন থাকে ভালেৰে থাকক বুলি মূৰে ওকতি আলপৈচান ধৰি আহিছে। পেঞ্চনৰ টকা কেইটাৰ আধাতকৈও বেছি  মানুহ জনীৰ ঔষধ পাতিতেই শেষ হয়। ঘৰ এৰি হাট বজাৰলৈ যোৱাটোও এক মহা চিন্তাৰ কাৰণ। জানোচা ঘৰ আহি পোৱাৰ আগতেই কিবা ......!  
     হওঁতে সংসাৰ সুখৰেই আছিল। চহৰৰ উপকণ্ঠ অঞ্চল এটাত এটুকুৰা মাটি কিনি নিজে সজাই লোৱা এটা সৰু আটোম-টোকাৰি ঘৰ আৰু চহৰত চলিবলৈ প্ৰয়োজনীয় আচ্‌বাব পত্ৰ সকলো আছে। ছোৱালী কেইজনী উলিয়াই দিয়াৰ পিছত এজনা এজনাকৈ হাই প্ৰেছাৰ,চুগাৰ, হাৰ্ট,কিডণী,নাৰ্ভ,বিষ,
আদিয়ে আহি মানুহ জনীৰ সঙ্গ ল'লেহি।ডাক্তৰ ঔষধ হস্পিটেল কৰি কৰি এতিয়া নোৱাৰা শিলক পৰি নমস্কাৰ। বোৱাৰী পুৱাই উঠি  যন্ত্ৰৱত এফালৰ পৰা ঘৰৰ সকলো কাম কৰি   দুই মান বজাত কঁকালটো পোনাই আকৌ আৰম্ভ। গিজাৰ আৰু ৱাছিং মেছিন দুয়োটা বেয়া হ'ল।ভাল কৰি ল'বলৈ ধনো নাই মনো নাই। তথাপিও মানুহজনীক  ঠাণ্ডা পানীৰ ব্যবহাৰ কৰিবলৈ বা লেতেৰা কাপোৰ পিন্ধিবলৈ দিয়া নাই। প্ৰতি সাজতে মাছ বা মাংস দিবলৈ অাপ্ৰাণ চেষ্টা।সংসাৰৰ নানান চিন্তাত ৰাতি টোপনি নহাৰ কাৰণে , কেনেকৈ কতিয়া কাৰ বুদ্ধিত সন্ধিয়া ৰান্ধি বাঢ়ি উঠি দুপেগ মদ খোৱাৰ অভ্যাস হ'ল এতিয়া মনত নপৰে। এইকণ জিৰণিৰ সময়তে আজি কালি লʼৰালি কালৰ গৰু চৰোৱা, লোকৰ বাৰীৰ লিচু,বগৰী চুৰ কৰি খোৱা, পুখুৰী সিঁচি- বৰশী বাই মাছ ধৰা, মাষ্টৰে কাণত ধৰি আঁঠু কঢ়াই থোৱা,মাঘ বিহুত দলঙৰ তলত লগৰীয়াৰ সৈতে লুকাই লুকাই বিড়ি হুপা, বৰষুণত পৰা শিল বুটলি খোৱা , ল'ৰা ছোৱালীয়ে একলগে বৌ- গুদু খেলা , ভবানীৰ লগত.....আদি বিভিন্ন স্মৃতিয়ে মনটো ভাল লগাই যায়। 
       কালি বতৰটো ইমান বেয়া আছিল যে দিনটো বাটত মানুহৰ দেখা-দেখি নাছিল। ঠাণ্ডাত প্ৰায় সকলোৱেই হয় জুই কাষত নতুবা লেপৰ তলত আশ্ৰয় লৈছিল। সাত মান বজাত নাথে ৰন্ধা শেষ কৰি জুইৰ কাষত বহি পেগ এটা লৈছিল। হথাতে বৰষুনৰ লগতে হেৰ-হেৰাই  শিল পৰিবলৈ ধৰিলে।বাট-চোতালত বৰফৰ চামনি পৰিল ।টৰ্চ লৈ নাথে বাৰান্দাত বহি শিল-বৰষুণ চাবলৈ  ধৰিলে। চুবুৰীৰ আন বোৰেও বাৰান্দাৰ পৰা আগেয়ে নেদেখা শিলেৰে ঢকা চোতাল চাই আছিল। 
        ....... ভবানীৰ সৈতে স্কুলৰ পৰা আহি আছে..বৰষুণৰ লগত শিল পৰিছে.... দুয়োটাই শিল বুটলি বুটলি খাইছে....এটা ঔ বাখলীয়া শিল ওচৰতে পৰিছে ...থপিয়া থপি লাগিছে.. তাই শিলটোৰ ওপৰত পৰি গৈছে .... শিলটো বুটলিবলৈ গৈ তাইৰ গোপন অংগত হাত লাগিছে....। মন্ত্ৰমুগ্ধৰ দৰে এপাকত উঠি গৈ বৰষুণত তিতি তিতি নাথে শিল বুটলি বুটলি খাবলৈ ধৰিলে।

             
           

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)