নেৰা-নেপেৰা বৰষুণৰ ৰূপ
কি হ'ব পাৰে' !
কিমান ভয়ংকৰ হ'ব পাৰে ?
ভাবি চাইছোনে বাৰু ?
মই সুধিছো
বৰষুণ ভাল পোৱা বোৰক
অ, মই সুধিছো?
ময়ো ভাল পাওঁ বৰষুণৰ স্পৰ্শ,
বৰষুণকলৈ কবিতা লিখিবলৈ
বৰষুণ তিতিবলৈ---
কিন্তু, এবাৰ ভাবি চাইছোঁ নে !
আমি বৰষুণ ভাল পোৱা বোৰে-
উৰুষা পঁজাৰ তলত
এমুঠি অন্নৰ বাবে শিতগিলি পেতত
হাতেৰে খামুচি উচুপি থকা
বৰষুণে জুৰুলা কৰা ঘৰখনৰ কথা,
সিহঁত এতিয়া বাৰু কেনেকৈ আছে!!
দিন ৰাতি।
কেচুৱাটো বুকুত লৈ হাতখনৰে
ঢাকি ৰাখি পাৰ কৰা মুহুৰ্তবোৰ---
এবাৰ আমি ভাবি চাইছোঁ নে--!
মথাউৰিত বাস কৰি থকা নৈৰ কাষৰীয়া মানুহৰ কথা ,
সিহঁতৰ সপোনৰ ঘৰখন কেনেকৈ
নদীৰ বুকুত উটি যাব
এইয়া কি নিষ্ঠুৰ ইতিহাস
মোৰ ভাবিলে বুকু খন কঁপি উঠে।