সম্পাদকীয় | ২০২২ ফেব্ৰুৱাৰী মাহৰ সংখ্যা

Rinku Rajowar
0

"যি জাতিৰ সাহিত্য কোৱা ভাষাৰ পৰা যিমান নিলগ হৈ যায়, সেই জাতিৰ জাতীয় জীৱনো সিমানেই ক্ষীণাবলৈ ধৰে, আৰু অন্ততঃ কেতিয়াবা তাৰ অস্তিত্ব‌ও লোপ পায় গৈ।"

                     ---পদ্মনাথ গোহাঁই বৰুৱা।


উপৰোক্ত কথাষাৰ যেন অসমীয়া জাতিৰ ক্ষেত্ৰত সচাঁ হʼবলৈ গৈ আছে। ভাষা হʼল জাতি গঠনৰ এক প্ৰধান আধাৰ। পিছে খোদ অসমীয়া জাতিৰ মাজতেই এতিয়া অসমীয়া ভাষা সংকটৰ গৰাহত। দিনকদিনে অসমীয়া ভাষা শুদ্ধকৈ লিখিব-পঢ়িব জনা মানুহৰ সংখ্যা কমি আহিছে। অসমত এটা বিশেষ শ্ৰেণী গঢ় লৈ উঠিছে যিয়ে অসমীয়া নাজানো বুলি কৈ গৰ্ববোধ কৰে। এওঁলোকে অসমীয়াত লিখা কাকত-আলোচনী-কিতাপ স্পৰ্শ নকৰে। অলাগতিয়াল হিন্দী-ইংৰাজী উপসৰ্গ ব্যৱহাৰ নকৰাকৈ এষাৰ বাক্য নকয়। মাতৃভাষা এওঁলোকৰ বাবে এলাগী। এওঁলোকৰ সন্তানসকলেও অসমীয়া অসমীয়া ভাষা শিকাটোক এক বোজা বুলি ভাবে। অসমীয়া ভাষা নজনা, অসমৰ ইতিহাস-ভূগোল নজনা, অসমীয়া খাদ্য নোখোৱা, অসমীয়া ৰীতি-নীতি নমনা তথাকথিত "অসমীয়া"ৰে আজিৰ অসমখন ভৰি পৰিছে। আজিৰ যুগ বিশ্বায়নৰ যুগ। অন্য ভাষাৰ লগত আদান-প্ৰদান অৱশ্যম্ভাৱী। পিছে নিজৰেই শিপাক পাহৰি যোৱা এটা জাতিৰ ভৱিষ্যৎ কিমান সুস্থিৰ এয়া এক চিন্তনীয় বিষয়। সঠিক সময়ত সচেতন নহʼলে এদিন অসমীয়া জাতি অস্তিত্বহীন হৈ পৰিব।



              

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)