এৰা নাই এতিয়াও
জীয়াৰ আনন্দৰ বন্যা
বৈ আছে হৃদয় নদীত ,
আশাই বাট ভেটা নাই মোৰ
সেই কুমুদৰ ৰঙীন পাহি
মোৰ প্ৰিয় হৈ পৰিছে ,
যেন সকলোকে ভাল পাব পৰা শক্তি
মোৰ শিৰে শিৰে ,
সেইবাবেই চিঞৰি কৈছোঁ
নিজান নদীৰ পাৰত
“মই নিৰঙ্কুশ।।”
যাযাবৰী জীৱন নহয় মোৰ
কিন্তু...
সময়ৰ গতিৰ কোনো
কোনো নিৰস ঠাইত
অনুভৱ হয় মোৰ
মই যেন যাযাবৰী অনন্ত কালৰ !
জীৱন সোঁতৰ কিছু অংশত
মই যেন যাযাবৰী জীৱনৰ প্ৰতীক !
নীৰৱহ্ল সেই ক্ষণবোৰ
নীৰৱ সেই সময়ৰ সোঁত
কিন্তু যেতিয়া বৈ থকাৰ অনুভৱ হয়
তেতিয়াহে ভাবোঁ
আৰু ভাবি ভাবি পাওঁ
“মই নিৰঙ্কুশ।।”
জীৱনৰ শেহান্ততো মই বৈ যাম নীৰৱে ,
বৈ যাম বাধাহীন হৈ ,
নীৰলে বৈ যোৱা সময় নামৰ নদীখন
আজি পৰ্যন্ত বৈয়েই আছে
আৰু মইও..
বাধাহীনতা থকাৰ বাবে
এই নদীত মই ও বঠা লৈ
গৈ আছোঁ জীৱন নাৱত ,
আশাৰ কিৰণ বিচাৰি
নীৰৱ ক্ষণত বাগৰি ।।
এই যেন মই সকলো সময়তে বাধাহীন
সেইবাবে মই নীৰৱ !
সেইবাবেই মই বৈ যাওঁ
জীৱনৰ স্বাচ্ছন্দ্য গতিত ,
আৰু বাৰে বাৰে চিঞৰি কওঁ মই
“মই নিৰঙ্কুশ!”
🔳সুশান্ত দাস,শিৱসাগৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ