দূৰৰ পৰা এক দৃশ্য-মূলঃ শকিলা আজিজাদা(আফগানিস্থান) ভাৱানুৱাদঃ সঞ্জীৱ সাগৰ চৌধুৰী

©Admin
0
আকৈ পিছপৰি গ'লো মই
মোৰ পিছত এতিয়া কোনো নাই
টানি নিয়া হ'ল মোৰ ভৰিৰ তলৰ মাটি
আনকি বেলিৰ দুবাহুও হৈ পৰিল মোৰ সীমনাৰ সিপাৰ

মোৰ গৰ্ভনাড়ী বান্ধি ৰখা হ'ল
পৰম্পৰাৰ বৰ্হিবাসৰ জৰীৰে
মোৰ প্ৰথম চুলি কটা হ'ল
ৰীতি-নীতিৰ চৰিয়া পাতি
মোৰ কাণত ভুনভুনোৱা হ'ল এটা প্ৰাৰ্থনা
"এই পৃথিৱী সদায় তোমাৰ পিছত আৰু তলত ৰিক্ত হৈ থাকক"

তথাপি অলপ মাত্ৰ ওপৰত
সদায় থাকিব এডোখৰ ভূমি
সকলোতকৈ পৱিত্ৰ ভূমি
মোৰ ওপৰত চয়তানৰ কোপদৃষ্টি নপৰক

আপোন কান্ধত লৈ সূৰ্য্যৰ দুহাত
মই মেলি দিওঁ‌ খোজ এহেজাৰ এটা
এৰি অহা সকলো বস্তুৰ পৰা।

View from Afar
----------------------------
I'm left again with no one standing behind me,
ground pulled from under my feet.
Even the sun's shoulders are beyond my reach.
 
My navel chord was tied
to the apron strings of custom,
my hair first cut over a basin of edicts.
In my ear, a prayer was whispered:
‘May the earth behind and beneath you
be forever empty'.
 
However, just a little higher,
there'll always be a land
purer than any land Satan could wish on me.
 
With the sun's hand on my shoulder,
I tear my feet away, a thousand and one times,
from the things I leave behind me.


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)