তোক ধৰি ৰাখিবলৈ
তথাপিও তই
গৈ থাকিলি
কাকো কেৰেপ
নকৰাকৈ
মাথো
গৈ থাকিলি
কপলিং চিগা
ৰেলৰ দৰে
সেই ৰেলৰ ডবাত
মোকো কিয় লৈ যাৱ ?
তই মোৰ
সোণালী শৈশৱ কাঢ়ি নিলি
তই মোৰ
ভৰা যৌৱন কাঢ়ি নিলি
তই মোৰ বহু আপোন জনক
বুকুৰ মাজৰ পৰাও লৈ গলি
খুউব চেষ্টা কৰো
তোক ধৰি ৰাখিবলৈ
তথাপিও তই
গৈ থাকিলি
কেতিয়া তই মোৰ মূৰৰ চুলিত
ৰূপালী ৰং সানি দিলি
তাক গমেই নাপালো
কেতিয়া তই মোক
প্ৰস্হানৰ দুৱাৰৰ কাষ পোৱাই দিলি
তাক গমেই নাপালো
মাথো
গৈ থাকিলি
কপলিং চিগা
ৰেলৰ দৰে
মোকো লগত লৈ
মাথো গৈ থাকিলি
ঝিগ ঝিগ টন টন
ঝিগ ঝিগ টন টন.....