আজিকালিৰ আধুনিক বিয়াবোৰ- মানস প্ৰতীম মালী

©Admin
0
বিয়া , আজিকালিৰ আধুনিক বিয়াবোৰ । বিয়াবোৰত বেণ্ডপাৰ্টী , বিয়ানাম আদিৰ সলনি  মেকাপেৰে ভৰপূৰ হৈ দি.এছ.এল.আৰ.ত মাত্ৰ ফটোকেই উঠি থকা মানুহবোৰৰ  বিয়াবোৰ দেখি সকলো আধুনিক যেন লাগে । কোন বিয়া খাব আহিছে , একো নোকোৱাকৈ কোন ঘৰলৈ উভতিছে তাৰ কোনো হিচাপ ৰখাৰ সময় নাই , মাত্ৰ দি.এছ.এল.আৰ.ত ফটো উঠিব লাগে । 
           ইমান টকা খৰচ কৰি বিয়া পাতি কি লাভ , যদিহে নিমন্ত্ৰিত অতিথিক মাত এষাৰ দিবও ঘৰৰ মানুহৰ সময় নাথাকে , অতিথিসকলে ঘৰৰ মানুহ এজনৰ মাত এষাৰলৈ মিনিটৰ পাছত মিনিট অপেক্ষা কৰি একো নোকোৱাকৈ ঘৰলৈ উভতি যাব লগা হয়  । " মানুহ এজনে আন এজন মানুহক কৰা ব্যৱহাৰতহে তেওঁৰ পৰিচয় পোৱা যায় " । 
              আপোনাৰ টকা আছে, বহুত টকা খৰচ কৰি ধুম ধামেৰে বিয়াখন পাতিছে , যিমান ৰং ধেমালি কৰিব লগা আছে কৰক , যিমান দি.এছ.এল.আৰ.ত ফটো উঠিব লগা আছে উঠক , কিন্তু তাৰ লগে লগে নিমন্ত্ৰিত অতিথিসকলৰো অকণমান খবৰ লওক । 
           কোনো মানুহ নিজৰ ঘৰত নোখোৱাকৈ নাথাকে । নিমন্ত্ৰিত অতিথিয়ে নিমন্ত্ৰণ ৰক্ষা কৰি বিয়া বা আদি অন্য অনুষ্ঠানলৈ আহে , আৰু সেই নিমন্ত্ৰিত অতিথিৰ সেৱা সুশ্ৰুষা কৰাতো আপোনাৰ , মোৰ , আমাৰ সকলোৰে প্ৰধান  দায়িত্ব ।  
           " আপোনাৰ বাবে সেই পৱিত্ৰ দিনটোৰ স্মৃতিবোৰ ফটোত নহয় , মানুহৰ হৃদয়ত যাতে চিৰদিন ৰৈ যায় তাৰেই
চেষ্টা কৰক । " " নিজৰ ব্যৱহাৰেই নিজৰ পৰিচয় " ।  আধুনিক হওঁক কিন্তু ইমানো 
আধুনিক নহ'ব যে এদিন আপুনি নিজৰ অতীতকেই পাহৰি যায় ।
            "  এখন বহুত ধনী ঘৰৰ মানুহে  এটি ডাঙৰ অট্টালিকা সাজিছে , অট্টালিকাটোত প্ৰৱেশ কৰাৰ দিনাখন বহুত মানুহক নিমন্ত্ৰণ দিছে  । মানুহ আহি আছে গৈ আছে , দামী দামী দি.এছ.এল.আৰ আনি এফালৰপৰা ফটো তুলি আছে , তাৰ মাজতেই ঘৰখনৰ মানুহে তেওঁলোকৰ আপোন মানুহবোৰক অট্টালিকাটো দেখুৱাই আছে , ইফালে নিমন্ত্ৰিত অতিথিক মাত দিবলৈয়েই পাহৰি গৈছে , তেওঁলোকে হেনো অনুষ্ঠানটিত কোন আহিছে কোন গৈছে কেমেৰাৰ  ফটোবোৰতহে বিচাৰি চাব । 
            আমাৰ বহুত টকা পইচা নাথাকিব পাৰে , কিন্তু বহুত ধনী ধনী মানুহৰ তুলনাত আমাৰ মনবোৰ বহুত ডাঙৰ । বহুত ধনী টকা থকা মানুহ হ'লে কি হ'ল , যদিহে আপোনাৰ মনটো ঠেক । আমি যিমানেই আধুনিক নহও কিয় সদায় আমি ইজনে আনজনৰ কথা ভাবিব লাগে ।




Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)