কল্পনাৰ মানস পটত
ইন্দ্ৰধনুৰ ৰঙেৰে বুলাই
সময়ৰ তীব্ৰগতিত
খোজৰ স'তে খোজ মিলাই
আঁকো মই নীৰৱতাৰ ছবি।
মৃত জুৰিটিৰ পাৰত
শত ছহীদৰ তেজেৰে
হাতত লৈ সতীৰ্থৰ তুলিকা
সানি লোৱা বুকুৰ কোঁহেৰে
আঁকো মই স্মৃতিৰ ছবি।
নিৰিবিলি সন্ধিয়াৰ জোনাকত
বুটা খচা তৰাৰ বুকুত
ৰূপালী জোনৰ পোহৰত
আলোকময়ী জোনাকীৰ চকুত
আঁকো মই বিভোলৰ ছবি।