অসমৰ এটা ডাঙৰ জ্বলন্ত সমস্যা হৈছে সমাজৰ অন্ধবিশ্বাস। অতীজৰে পৰা বৰ্তমান পৰ্যন্তলৈকে অবিৰতভাৱে মানুহে এই সমস্যাৰ সন্মুখীন হোৱা দেখা যায়। এই অন্ধবিশ্বাসে সমাজত মানুহে মানুহৰ প্ৰতি থকা দয়া মিলা-প্ৰীতি ,নৈতিক গুন আদিৰ দৰে প্ৰমূল্যবোৰত ব্যাঘাত জন্মায়। সুস্থ সমাজ এখনক অন্ধবিশ্বাসে যথেষ্ট প্ৰভাৱ পেলায়।এই অন্ধবিশ্বাসবোৰে মানৱ জীৱন ধাৰণ প্ৰণালীত অশান্তি কঢ়িয়াই আানে।
অন্ধবিশ্বাস:-অন্ধবিশ্বাস মানে হ'ল এনে এক বিশ্বাস যিবোৰ বিশ্বাস প্ৰকৃত সত্য , প্ৰকৃত বুজাবুজি , প্ৰকৃত ধাৰণাৰ পৰা পৃথক এক প্ৰকাৰৰ মনৰ ভ্ৰান্ত ধাৰণা।অন্ধবিশ্বাস যুক্তিৰ ওপৰত প্ৰতিস্থিত হ'ব নোৱাৰে। বিনা বিচাৰে মানি লোৱাৰ কাৰণে এই বিশ্বাসবোৰক অন্ধবিশ্বাস বুলি আখ্যা দিয়া হয়।এই অন্ধবিশ্বাসবোৰ আনুষ্ঠানিক ধৰ্ম বিশ্বাসৰ লগত জড়িত।অন্ধবিশ্বাস আচাৰ-আচৰণ আৰু প্ৰাকৃতিক পৰিঘটনাৰ লগত জড়িত।
অতীজৰে পৰা অসমত অন্ধবিশ্বাসৰ ধাৰণা প্ৰতিফলিত হৈ আহিছে। বিশেষভাৱে গ্ৰাম্য অঞ্চলবোৰত প্ৰায় এই অন্ধবিশ্বাসৰ ধাৰণাবোৰ দেখিবলৈ পোৱা যায়। যেনে- যাত্ৰা কালত কোনোবাই হাঁহিলে বা জেঠিয়ে টিক টিক কৰিলে যাত্ৰা ভংগ হোৱা বুলি ভবা, কোনটো বাৰত কোনো কি দিশত যাত্ৰা কৰিলে অশুভ বুলি ভবা হয় বা কোনো বস্তু খোৱাৰ পৰা বিৰত থকা , ৰোগ হ'লে যথাবিধি অনুসৰি চিকিৎসা নকৰি জৰা -ফুৰা কৰা, কোনো কোনো দেৱ - দেৱীক পূজা দিয়া ,ব্ৰত উপবাস কৰা , সন্তান লাভৰ বাবে তাবিজ -মাদুলি আদি ধাৰণ কৰা,সত্যনাৰায়ন পূজা কৰা , গ্ৰন্থদোষ উপশমৰ বাবে গ্ৰহ পাঠ আদি অসমীয়া সমাজত বিশ্বাস দেখা পোৱা যায় ।
দেও -ভূত, ডাইনী -যখিনীক লৈও অসমত বহুত অন্ধবিশ্বাস আছে।কিছুমান গাঁৱলীয়া অঞ্চলত ৰাতি ভূত ওলায় বুলি কিছুমানে বিশ্বাস কৰি আছে। আনকি ৰাতিৰ কথা বাদেই দিনটো বৰগছৰ তলত ডাঙৰিয়াই ওলায় বুলি বিশ্বাস কৰে। কিছুমান অঞ্চলত যেতিয়া এটা বেমাৰ হয়, তেতিয়া উপযুক্ত চিকিৎসাৰ অভাৱত সুস্থ হৈ নুঠিলে ডাইনীৰ কাৰণেই অসুস্থ হৈ আছে বুলি বিশ্বাস কৰে। কিছুমান গ্ৰাম্যাঞ্চলত আজিও কাৰোবাৰ গাত আহি আই , শিৱ আদি ঐশ্বৰিক শক্তি লম্ভে বুলি বিশ্বাস কৰে। দেৱ- দেৱীলৈ বস্তু মানস কৰা, বলি বিধান দিয়া পিণ্ডদান আদি কাৰ্য্যও অন্ধবিশ্বাস । সোপাধৰাৰ দৰে অন্ধবিস্বাস আজিও অসমত চলি আছে। ইয়াক লৰাধৰা বুলিও জনা যায়। অসমত কিছুমান দিনক লৈও অন্ধবিশ্বাস চলি থকা দেখা য়ায়। তাৰে ভিতৰত ক'বলৈ গ'লে - শনিবাৰে আৰু মঙ্গলবাৰে চুলি নখ, বাঁহ কাটিব নাপায় এনেধনৰ অন্ধবিশ্বাস আজিও প্ৰচলিত হৈ আছে।
অন্ধবিশ্বাসৰ প্ৰধান কাৰনসমূহ: অন্ধবিশ্বাসৰ প্ৰথম কাৰনটো হ'ল শিক্ষাৰ অভাৱ। শিক্ষাৰ অভাৱৰ বাবে এনেধৰনৰ বিশ্বাসক সঁচা বুলি বিনা বিচাৰে মানি লয়। অন্ধবিশ্বাসৰ দ্বিতীয় কাৰণটো হ'ল ভ্ৰমণৰ অভাৱ ।ভ্ৰমনৰ যোগেদি মানুহে বিভিন্নজনৰ লগত পৰিচয় হয়।ভ্ৰমনৰ ফলত ভিন ভিন দেশৰ বহুত ভিন ভিন ৰীতি- নীতি শিকা হয় তাৰে ভাল নিয়মবোৰ গ্ৰহণ কৰিব লাগে ।তৃতীয় কাৰণটো হ'ল কিছুমান স্বাৰ্থপৰ মানুহেও নিজৰ স্বাৰ্থপূৰণৰ বাবে অন্ধবিশ্বাস বিয়পাব পাৰে।এনে এটা চতুৰ বুদ্ধিৰে অন্ধবিশ্বাস প্ৰচাৰ কৰে যে নিৰক্ষৰক বাদেই জনা বুজা মানুহেও বিশ্বাস কৰিব আৰম্ভ কৰে।
শেষত আমি কব লাগিব যে অন্ধবিশ্বাসে সমাজ প্ৰগ্ৰতিৰ ক্ষেত্ৰত যথেষ্ট বাধা সৃষ্টি কৰে। গতিকে সমাজৰ সকলো লোকে সচেতনতাৰে আৰু পাৰস্পৰিক বুজাবুজিৰে এনে ধৰনৰ অন্ধ বিশ্বাসৰ পৰা মুক্ত হ'লেহে এখন সুন্দৰ আৰু সুস্থ সমাজ গঢ়ি তুলিব পাৰিব।
✍️ সুশীল কুম্বাং
দৰ্শন অধ্যয়ন কেন্দ্রৰ ছাত্ৰ
ডিব্ৰুগড় বিশ্ববিদ্যালয় ।
সুন্দৰ ৰচনা
ReplyDelete