কণ্ঠশিল্পীঃ অপূর্ব বেজবৰুৱা আৰু নাই | চিন্ময় ডেকা

©Admin
0
ৰাজ্যত শোঁকৰ ছাঁ বিৰাজ কৰিছে। বিশিষ্ট গীতিকাৰ, সুৰকাৰ অপূৰ্ব বেজবৰুৱা আৰু নাই। ইহ:সংসাৰৰ পৰা মেলানি মাগিলে। তেখেত একাধাৰে এজন মাটিৰ শিল্পী আছিল, যাক বঢ়াই নক'লেও হ'ব,সকলোৱে অৱগত। সমগ্ৰ ৰাজ্যজুৰি ৭০ দশকৰ পৰা আৰম্ভ কৰি অসমৰ সংগীত জগত খনত অপূৰ্ব বেজবৰুৱা সংগীত সাধনাৰে নিজস্ব গীতৰ শৈলীৰে জিলিকি উঠা শিল্পীসকলৰ ভিতৰত অন্যতম। তেখেতে অসমীয়া সাহিত্যৰ জগত খনলৈ আগবঢ়োৱা অৱদান অতুলনীয়। তেখেত এজন কবি,গীতিকাৰ, সুৰকাৰ, তথা সংগীত পৰিচালক হোৱাৰ উপৰিও বিশিষ্ট চাহ খেতিয়ক হিচাপে নিজৰ স্থিতিত অটল আছিল। তেখেতৰ "কপৌপাহী তোৰে খোপাত-কিমান ধুনীয়া দেখি", "অ' মাইজান তোকেহে দেখা পাই", আৰু "অ' সৰু ভনিটি মুগা ৰিহা পিন্ধিলি" আদি অজস্র গীতেৰে অলেখ জনপ্ৰিয় লাভ কৰি নিজস্ব ব্যক্তিত্বৰ পৰিচয় দিছিল। আজি যেন নিয়তিৰ সোঁতত হাৰ মানিলে। তেখেতৰ কৰ্মময় বাক্‌পটুতাৰ দৃষ্টিভংগীৰে আমি আগুৱাই যাবলৈ সদায় বদ্ধপৰিকৰ। উল্লেখনীয় যে, বিশেষকৈ এজন যুৱপ্ৰজন্মৰ উঠি অহা সন্তান হিচাপে তেখেতলৈ শ্ৰদ্ধা নিবেদিলোঁ, পৰআত্মা'ই শান্তি পাওঁক। প্ৰতিজন অসমীয়াৰ হৃদয়ত সদায় থাকিব আপোনাৰ অসমীয়া সাহিত্যৰ সংস্কৃতি জগত খনৰ প্ৰতি আগবঢ়োৱা সমূহ অনবদ্য অৱদান।

      

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)