যন্ত্ৰণা -কংকনা দাস

©Admin
0
যন্ত্ৰণা নগৰীৰ ৰাজপথত
মই আজি অকলশৰীয়া ,
তথাপিও এই প্ৰখৰ উত্তাপতো
আগুৱাই গৈ আছোঁ ভৰ দুপৰীয়া ।

ভৰ দুপৰীয়াৰ প্ৰখৰ ৰ'দত
ভাগৰি পৰিছোঁ আই ,
ছাঁৰ তলত জিৰাবলৈ আজি
গছ এজোপা ও নাই ।

প্ৰখৰ তাপৰ যন্ত্ৰণাৰ পথত
পিয়াহত হৈছোঁ মই আকুল ,
ইফালে সিফালে পানী বিচাৰি
এতিয়া হৈছোঁ মই ব্যাকুল ।

যন্ত্ৰণাই হেঁচা মাৰি ধৰা বুকুৰ
তুমি মোৰ গোপন লগৰী ,
চিৰ দিন এনেকৈয়ে থাকিবা
দুটি নয়নেৰে অশ্রু নিগৰি ।

বিষাদৰ অশ্রুৰে দুগাল তিয়াই
আকৌ আগুৱাই গৈছিলোঁ
লক্ষ্যস্থান নেদেখিলেও কিন্তু
পিছলৈ ঘূৰি চোৱা নাছিলোঁ ।

যন্ত্ৰণা বোৰক আৱদ্ধ কৰিছোঁ
জীৱন যন্ত্ৰৰ মাজত ,
সেয়েহে আজি যন্ত্ৰণাৰ উদ্ভাৱন
নতুন জীৱনৰ সাজত ।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)