নীলা খামৰ চিঠি

©Admin
0
মৰমৰ ,
           মৰম তোমালৈ...
           প্ৰথমতে হিয়াভৰা মৰম যাঁচিলো । বহু দিনৰ পাছত তোমালৈ বুলি নীলা খামত মৰমৰ চিনস্বৰূপে চিঠিখন প্ৰেৰণ কৰিলোঁ ।
          আজি দুপৰ নিশা তোমালৈ বুলি চিঠিখন  লিখিবলৈ ল'লো । নীলা খামত দিয়া নীলা চিয়াহীৰে লিখা প্ৰথম প্ৰেমৰ চিঠিখন ডাকোৱালৰ হাতৰ পৰা খুলিবলৈ লওঁতে বুকুখন দুৰু দুৰু আবেগত মোৰ দৰে তোমাৰ কঁপিছিল নে ? বাৰে বাৰে গাৰুৰ তলত থৈ কিমান বাৰ যে পঢ়িছিলো ঠিক নাই । উত্তৰ লিখিবলৈ লৈ কি বুলি সম্বোধন কৰি লিখিম , বাৰে বাৰে লিখি কাটিছিলোঁ । ওৰে ৰাতি কি লিখিম ভাবি পাৰ পোৱা নাছিলোঁ। শেষত মিঠা মিঠা শব্দবোৰ আপোনা-আপুনি ক'ৰ পৰা যে নিগৰিছিল !
        মনত পৰেনে তোমাৰ ? কৃষ্ণচুড়াৰ তলত চিপ্ চিপিয়া বৰষুণজাকত তিতা দিনটোলৈ ! খিল্ খিলাই হাঁহি পানীৰ ডোঙাবোৰত যে কাগজৰ নাও চলাইছিলোঁ ।সেই দিনা পানীলগা জ্বৰ হোৱাত ঘৰত ভালদৰেই গালি খাইছিলোঁ। অ' আৰু এটা কথা মনত পৰেনে ? স্নিগ্ধ জোনাক নিশা কাজলসনা দুচকুৰে হৃদয়ৰ দুৱাৰখন লাহে লাহে খোল খাই অজস্ৰ ফুল ফুলি উঠিছিল , শাওণৰ শুভ্ৰ কঁহুৱা ফুলৰ দৰে । তুমি জোনাকৰ গীত গাইছিলা , চকুত চকু থৈ ।
       কিন্তু বাৰিষাৰ ঢল অহাৰ দৰে মাজবাটতে সপোনৰ জগতৰ পৰা চিৰকাললৈ অকলে মোক এৰি আঁতৰি গ'লা। নিষ্ঠুৰ তুমি ! জোনাক নিশাই আমনি কৰে বাৰে বাৰে । কিন্তু এতিয়া দেখোন পলে পলে ঘোৰ অমানিশাই বেঢ়ি ধৰে । ভাবিছিলোঁ নীলা খামৰ ভিতৰত থকা অজস্ৰ মৰমসনা চিঠিবোৰ জ্বলাই পুৰি শেষ কৰিম । কিন্তু মই নোৱাৰিলোঁ । চিঠিবোৰেই আছিল মধুৰ  প্ৰেমৰ স্মৃতিৰ দাপোন স্বৰূপ ; নহয় জানো ?
       শৰতৰ জোনাক আহিলেই জানা , মোৰ মনটো ৰিঙা ৰিঙা লাগে । আগৰ দৰে উজাগৰে থাকি তোমাৰ গোট গোট নীলা আখৰৰ চিঠিবোৰ চাই নষ্টালজিক হৈ পৰোঁ । তুমি নাথাকিলেও চিঠি এখন লিখিবলৈ উত্ৰাৱল হৈ পৰিছো জানা ! জোনাক নিশা তোমাৰ গীত শুনিবলৈ তুমিতো মোৰ কাষত নাই ! চিঠি লিখিবলৈ কলমৰ শব্দবোৰ মামৰে ধৰিলে জানা ! কাগজৰ  পৃষ্ঠাখন শব্দৰ অভাৱত উকা হৈ ৰ'ল । তুমি আকৌ নীলা আকাশক সাক্ষী কৰি মোক এৰি গৈছিলা সূদূৰ কৰ্মস্থলীলৈ । আহিম বুলি মোক আশা দি একেবাৰে  শূন্যৰ লগত মিলি গ'লা ।এতিয়া জানা ,ডায়েৰীখন মেলিলেই তোমাৰ স্মৃতিবোৰে কথা কয় । সময় পালে সপোনতে নীলা খামৰ এখন  চিঠি সোনকালে লিখি দি পঠাবা । মই অতি আশাৰে তোমাৰ চিঠিখনলৈ বাট চাই থাকিম ।
             শেষত অতি মৰমেৰে ।
                                   তোমাৰ মৰম ।
                                        
**************************************
              
✍️হিৰুমা শইকীয়া।
      চাবুৱা।জিলা-ডিব্ৰুগড়।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)