প্রতিজ্ঞা-ডাঃ মৃন্ময় কুমাৰ নাথ

©Admin
0
"বনানী, যাওঁগৈ। ট্রেইন এৰিব এতিয়া। আকৌ কেতিয়া বা আহিব পাৰো নাজানো। আহিব পাৰিম নে নোৱাৰিম তাকো নাজানো। সচাঁকৈয়ে যদি আৰু ঘূৰি নাহো আমাৰ পোনাটিক কবা কিদৰে তাৰ দেউতাকে শত্ৰুৰ সৈতে যুঁজি যুঁজি প্রাণ আহুতি দিছিল। টেবুলৰ ওপৰত থকা প্রবালৰ সেই হাঁহি মুখৰ ফটোখনৰ সমুখত চাকি গচি জ্বলাই বনানীয়ে প্রবালে বিদায় মূহুৰ্তত কোৱা কথা কেইশাৰী মনত পেলাই আকৌ উচুপি উঠিল। বিচনাত আলফুলে শুই থকা কণমানি অম্লান লৈ চাই বনানীয়ে প্রতিজ্ঞা ল'লে। "প্রবাল, যি জোৰ সাজ পিন্ধি দেশৰ হকে যুঁজি যুঁজি তুমি আজি শ্বহীদ হ'লা তেনে এজোৰ সাজেই মই অম্লানকো পিন্ধাম। তুমি মাথোঁ সৰগৰ পৰা আশীৰ্বাদ কৰা তোমাৰ সন্তান অম্লানো যেন তোমাৰ দৰেই এজন সাহসী সৈনিক হয়।"


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)