কণপিটৌ - মধুকৃষ্ণা দেউৰী শিলপনীয়া

কণপিটৌ মেইন ৰাস্তাত গাড়ী এখনৰ খবৰ লৈ ঘৰলৈ বুলি আহি থাকোঁতে ওচৰৰে আইতা এগৰাকী পদূলিৰ কাষত দেখি শুনা-নুশুনাকৈ ভুৰভোৰাই ক'বলৈ ধৰিলে---কি হ'ব জানো ; মৰেই না বাছেই না গাড়ী এখনো নাই লৈ যাবলৈ --লকডাউন চলি আছে--ফোন এটা কৰি এম্বুলেঞ্চ মাতিবলৈও মোবাইলৰ নেট পাবলৈ নাই ভিতৰুৱা গাওঁ--বৰ চিন্তা হৈছে কি কৰোঁ জানো ;উপায় পোৱানাই--তাকে শুনি আইতাকে কাৰ কি হৈছে বুলি উধাতো খাই কণপিটৌৰ পিছে পিছে ঘৰ পালেহি--কাৰ কি হৈছে ঐ কণপিটৌ তই নকৱ কেলেই হাঁ;--চিঞৰি চিঞৰি অহা দেখি ওচৰৰ মানুহ দুই এটা গোট খালেহি ,; --তাকে শুনি মিহি মিহিকৈ ক'বলৈ ধৰিলে--চোতালত প্ৰসৱৰ যন্ত্ৰণাত বাগৰি বেবাই থকা ছাগলীজনীক দেখুৱাই ক'লে -- সেইজনী দেখানাই নেকি--কেনেকৈ বেবাই আছে ,- ছিজাইনে হয় না নৰমেলে হয় ;---
     
     আইতাকে খঙত গালিকেইটামান পাৰি ঘৰলৈগুছি গ'ল আৰু তাত থকা বাকী মানুহকেইজন হাঁহিবলৈ ধৰিলে------

2 Comments

Previous Post Next Post