উপন্যাস | মৌচম হাজৰিকা

©Admin
0
এখন উপন্যাস লিখি আছোঁ
উপন্যাসখনত
আখৰ নাই 
শব্দ নাই
ছবিও নাই 

সেয়ে 
কোনেও নেদেখে 
কোনেও নুশুনে 

তথাপিও 
উপন্যাসখন লিখি আছোঁ 
সদায় লিখি আছোঁ 

কেইবাটাও অধ্যায়ৰ 
লিখা শেষ হৈছে 
যোগ-বিয়োগ চলি আছে 

উপন্যাসখন শকত হৈ গৈ আছে
কেইবাটাও নতুন নতুন চৰিত্ৰই দেখা দিছে 
কেতিয়ানো শেষ হ'ব  নাজানো 

যিমানেই উপন্যাসখন ডাঙৰ হৈছে 
সিমানেই মোৰ খোজ কঢ়া পথটো চমু হৈছে 

মোৰ সুখ-দুখ, পোৱা-নোপোৱা 
সকলো আছে উপন্যাসখনত 

কেবল 
আখৰ নাই 
শব্দ নাই
ছবিও নাই

সেয়ে 
কোনেও নেদেখে 
কোনেও নুশুনে 

উপন্যাসখনৰ দাম ঠিৰাং 
কৰিব পৰা নাই 

উপন্যাসখনৰ নামো ঠিৰাং 
কৰিব পৰা  নাই 

✍ মৌচম হাজৰিকা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)