তাৰ পৰৱৰ্তীকালত দ্বিতীয় বৌদ্ধ খ্যাত গুৰু পদ্মচম্ভৱাই ( ৰিনপোচে ) প্ৰতিষ্ঠা কৰা ব্ৰজায়ণ বৌদ্ধ ধৰ্মৰ বিশেষ চৰ্চা বাবে চাঙত বাৰ শতিকা মানত কাগ্যো অধ্যয়ন কেন্দ্ৰ স্থাপন কৰা হৈছিল ।
দশম শতিকাৰ বংগীয় মূলৰ বৌদ্ধ গুৰু অতিষা দীপাংকৰ শ্ৰীজ্ঞানৰ কৰম নামৰ বৌদ্ধ চিন্তাধাৰাৰে উদ্বুদ্ধ হৈ জে চংগখাপা নামৰ এজন তিব্বতীয় দাৰ্শনিকে শেহতীয়াকৈ চতুৰ্দশ শতিকাত তিব্বতৰ বিভিন্ন স্থানত গেলুগ নামৰ অধ্যয়ন কেন্দ্ৰ স্থাপন কৰিছিল । হালধীয়া টুপী পৰিহিত সেই গেলুগা অধ্যয়ন কেন্দ্ৰৰ ধৰ্ম পালক জনকে ডালাই লামা অৰ্থাৎ সমূদ্ৰ গুৰু বুলি কোৱা হৈছিল ।
বাৰ শতাব্দী মানৰ কথা হ'ব । চাঙৰ প্ৰখ্যাত চাংগপা গ্যাৰে নামৰ তিব্বতীয় ধৰ্মগুৰুজনে তেওঁৰ শিষ্যসহ তীৰ্থ ভ্ৰমণ কৰিবলৈ হিমালয়ৰ পাদদেশৰ এখন অটব্য অৰণ্যৰ মাজত উপস্থিত হৈছিল । অৰণ্যখনৰ মাজত নটা বিশালাকাৰ ড্ৰেগনে আকাশৰ ফালে চাই গৰজি থকাৰ সময়ত হোৱা স্বৰ্গীয় পুষ্পবৃষ্টি আৰু বিজুলী চমকনি দেখি আচৰিত হৈছিল । তেওঁলোকৰ উপস্থিতিৰ উমান পোৱাৰ লগে লগে নটা ড্ৰেগন হঠাৎ অন্তৰ্ধান হৈছিল । তাৰ কিছু সময়ৰ পাছতে অৰণ্যখনত প্ৰচণ্ড বৃষ্টিপাত হৈছিল । এই পৰিঘটনাৰ পাছত পৰৱৰ্তীকালত ধৰ্ম গুৰু চাংগপা গ্যাৰেৰ ৰঙা টুপী পৰিহিত অনুগামী সকল তিব্বতত 'দ্ৰুক' নামেৰে পৰিচিত হৈ পৰিছিল ।
তিব্বতৰ চাঙৰ এই দ্ৰুক কুলতে ১৪৫৫ খ্ৰীষ্টাব্দত জন্ম হৈছিল আজিৰ আলোচনাৰ মুখ্য চৰিত্ৰ ব্ৰজায়ণ বৌদ্ধ দৰ্শনৰে উদ্বুদ্ধ ভূটানৰ তথাকথিত সৰগীয় বলিয়া বাবা দ্ৰুকপা কুনলেৰ । উ-চাঙৰ ৰুলুঙ গোনপাত আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰাৰ পাছত গুৰু দ্ৰুকপা কুনলেই হিমালয়ৰ গভীৰ অৰণ্যত বহু বছৰ তপস্যা কৰি ব্ৰজায়ণ বৌদ্ধ দৰ্শনৰ এক বিশেষ সূত্ৰৰ সিদ্ধি লাভ কৰিছিল । এই সিদ্ধি লাভৰ পাছত মহাত্মা দ্ৰুকপা কুনলে তিব্বতলৈ আৰু উভতি নগৈ ভূটানৰ বিভিন্ন স্থান ভ্ৰমণ কৰি তেওঁৰ দুৰ্বোধ্য আৰু বিতৰ্কিত দৰ্শনেৰে জনসাধাৰণক বজ্ৰায়ণ বুদ্ধ ধৰ্মৰ প্ৰতি উদ্বুদ্ধ কৰিছিল । মহাত্মা দ্ৰুকপা কুনলেই তেওঁৰ অনন্য চিন্তাধাৰাৰে অধাৰ্মিক সকলক ধাৰ্মিকলৈ পৰিৱৰ্তন কৰা কৌশলী পদ্ধতি সঁচাই বিতৰ্কিত আৰু দুৰ্বোধ্য । কিন্ত সেই সময়ৰ ভূটানৰ প্ৰায় পাঁচ হাজাৰ মহিলাৰ কাৰণে চকুৰ মণি হৈ পৰা দূৰ্দান্ত প্ৰেমিক ধৰ্মাত্মা দ্ৰুকপা কুনলেৰ মহিমাৰ কথা কৈ অন্ত পেলাব নোৱাৰি । দ্বিতীয় বুদ্ধ খ্যাত প্ৰভু পদ্মচম্ভৱাই স্থাপন কৰা বজ্ৰায়ণ বৌদ্ধ ধৰ্মৰ তন্ত্ৰ মন্ত্ৰত বিশাৰদ এই ধৰ্মাত্মা জনে পবিত্ৰ প্ৰেমৰ পৰিণতিত হোৱা যৌন সম্ভোগৰ জৰিয়তে বুদ্ধ তথা মোক্ষ প্ৰাপ্তি সম্ভৱ বুলি কৈছিল । দিনটো খেতিবাতি , আয়-উপাৰ্জনৰ বাবে ব্যস্ত হৈ ভাগৰি-জুগৰি ঘৰলৈ অহা মানুহ জনক এপলক মৰম আদৰ কৰি শাৰীৰিক সুখ দি তেওঁক মোক্ষ প্ৰাপ্তিৰ প্ৰতি আকৰ্ষিত কৰিব পৰাটোৱেই ঘৰৰ গৃহিনীজনীৰ প্ৰাথমিক দায়িত্ব । ধৰ্মাত্মা দ্ৰুকপা কুনলে এজন দূৰ্দান্ত প্ৰেমিকৰ লগতে কবি , অভিনয়কাৰী , গায়ক আৰু নৃত্যকাৰো আছিল । এই কেইটা উপাদানৰ জৰিয়তে তেওঁ সহজেই মানুহক বজ্ৰায়ণ ধৰ্মৰ দুৰ্বোধ্য সূত্র সমূহ সফলভাৱে বুজাই দি নিৰ্ভানা অৰ্থাৎ মোক্ষ প্ৰাপ্তিৰ প্ৰতি আকৃষ্ট কৰিছিল । বহু কু-চৰিত্র , হতাশাগ্ৰস্ত , অধাৰ্মিক আৰু কপট মহিলাৰ সতে বিতৰ্কিত গুৰু দ্ৰুকপা কুনলেই বিনা দ্বিধাই যৌন সম্ভোগ কৰি তেওঁলোকক দয়া , প্ৰেম আৰু সততাৰ পথলৈ ঘূৰাই আনি শেষত মোক্ষ লাভৰ প্ৰতি আকৰ্ষিত কৰি তুলিছিল । কেতিয়াবা প্ৰাৰ্থনা সভাৰ মাজতেই তেওঁ নিৰ্বস্ত্র হৈ উলঙ্গ নৃত্য পৰিৱেশন কৰি ভক্তবৃন্দক হতচকিত কৰিছিল । শিথিল পুৰুষাংগক ( Phallus ) তেওঁ উৰ্বৰতা আৰু শক্তিৰ প্ৰতীক বুলি কৈছিল । প্ৰভু দ্ৰুকপা কুনলেই লিংগ এটা মাত্ৰ যৌনসুখ প্ৰাপ্তি লাভ কৰা এটা মাংসৰ পিণ্ড নহয় বুলি কৈছিল । তেওঁ নিজৰ লিঙ্গটোকো উদীপ্ত জ্ঞানৰ বজ্ৰপাত ( Thunderbolt of flaming wisdoms) বুলি উল্লেখ কৰিছিল । সহস্ৰাধিক তিব্বত আৰু ভূটানৰ সুন্দৰী ৰমণীয়ে মোক্ষ প্ৰাপ্তিৰ আশাৰে এই অলৌকিক শক্তিৰে শক্তিশালী ধৰ্মাত্মাৰ সৈতে শাৰীৰিক সম্পৰ্ক কৰিছিল । প্ৰবাদ আছে যে দ্ৰুকপা কুনলেৰ ধৰ্ম প্ৰচাৰৰ সময়খিনিত ভূটানত কোনো প্ৰাকৃতিক দুৰ্যোগ অথবা মহামাৰী হোৱা নাছিল । সমগ্ৰ ভূটান প্ৰেম নগৰীলৈ পৰিণত হৈছিল । ধৰ্মাত্মাই শিথিল লিংগৰ ছবি অথবা প্ৰতিকৃতি ঘৰত থাকিলে অপশক্তি অথবা বিপদ আপদ আঁতৰি থাকে বুলি কৈছিল । সেইবাবে আজিও ভূটানৰ থিম্ফু , পুনাখা , পাৰো , ওৱাংদি আদি বিভিন্ন অঞ্চলৰ ঘৰ , লাখাঙ , গোনপা আৰু দোকান বজাৰ বোৰৰ বেৰত অকা ৰঙ-বিৰঙৰ শিথিল লিংগৰ ছবি আঁকি থোৱা দেখা হয় । বহুতো ভূটানী লোকৰ ঘৰত চুপ , চাহ অথবা জলপান খোৱাৰ আগতে ৰূপ , কাঠ অথবা হাতীৰ দাঁতৰে তৈয়াৰী শিথিল লিংগৰ দ্বাৰা খাদ্য খিনি স্পৰ্শ কৰি লোৱাৰ ৰীতিও আছে । এনে কৰিলে ঈশ্বৰৰ মন প্ৰসন্ন হয় বুলি তেওঁলোকে বিশ্বাস কৰে।
জনপ্ৰবাদ আছে যে ডাচুলা পাচৰ পৰা পুনাখালৈ অহাৰ পথত এবাৰ এটা কুকুৰ ৰূপী দৈত্যই পথচাৰীক আক্রমণ কৰি প্ৰাণ কাঢ়ি নিছিল । দৈত্যটোৰ ভয়ংকৰ অৱয়ব আৰু অত্যাচাৰত সৰ্ব সাধাৰণ ভীতিগ্ৰস্ত হৈ পৰিছিল । দিনৰ পোহৰতো মানুহে সেই পথেদি অহা যোৱা কৰিবলৈ বাদেই দিছিল । এই কথাটো গম পাই অহৌবলিয়া অলৌকিক প্ৰভু দ্ৰুকপা কুনলেই সুউচ্চ ডাচুলা পাচলৈ গৈ দৈত্যটোক ধৰি আনি পুনাখাৰ লবেচা নামৰ গাঁওখনৰ সমীপৰ পাহাৰ টিলাটোৰ ওপৰত এটা চোৰ্তেনৰ ভিতৰত আৱদ্ধ কৰি ৰাখিছিল । সেই চোৰ্তেনৰ সন্মুখত ধৰ্মাত্মাৰ প্ৰিয় শিষ্য ন্ঙাৱাঙ চোৱেগ্য়ালে ১৪৯৯ খৃষ্টাব্দত কাঠ বাঁহ আৰু পবিত্ৰ মাটিৰে চিমি লাখাঙ নামৰ মন্দিৰটো প্ৰতিষ্ঠা কৰি ধৰ্মাত্মা দ্ৰুকপা কুনলেক মহাপ্ৰভু শাক্যমুনিৰ আন এটা অৱতাৰ বুলি ঘোষণা কৰিছিল । অৱশেষত ১৫২৯ খৃষ্টাব্দত প্ৰভু দ্ৰুকপা কুনলেৰ ইহলীলা সম্বৰণ ঘটিছিল ।
আগলৈ...
✍🏻চুমিন্দ্ৰ চৌধুৰী
সাহিত্য অভিযন্তা ,
নতুন দিল্লী ।